মুখ্যপৃষ্ঠা »খবৰ »অসম »ৰাজ্যসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম, পবিত্ৰ মাৰ্ঘেৰিটালৈ দলীয় টিকট

ৰাজ্যসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম, পবিত্ৰ মাৰ্ঘেৰিটালৈ দলীয় টিকট

শাসনাধিস্থ বিজেপি মিত্ৰজোঁট আৰু বিৰোধী কংগ্ৰেছে অন্যান্য বিৰোধী দলৰ সহযোগত এই ২ আসনৰ যুঁজৰ বাবে সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে।

  • Share this:
অৱশেষত সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই অসমৰ পৰা খালী হোৱা ৰাজ্যসভাৰ দুখন আসনৰ বাবে বিজেপিয়ে ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম। অৱশ্যে এই পৰ্যন্ত এখন আসনৰ বাবেহে প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰিলে বিজেপিয়ে। সেই অনুসৰি দলটোৰ জ্যেষ্ঠ মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাক দিয়া হৈছে দলীয় প্ৰাৰ্থীত্ব। বিজেপি কেন্দ্ৰীয় নেতৃত্বই ঘোষণা কৰিলে বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থীৰ নাম।

শাসনাধিস্থ বিজেপি মিত্ৰজোঁট আৰু বিৰোধী কংগ্ৰেছে অন্যান্য বিৰোধী দলৰ সহযোগত এই ২ আসনৰ যুঁজৰ বাবে সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। উল্লেখ্য যে,  বিজেপিয়ে দুয়োখন আসনতে প্ৰতিদ্বন্দিতা আগবঢ়াব যদিও দলটোৰ দুয়োখন আসন দখল কৰিব পৰাকৈ এই মুহূৰ্তত শক্তি নাই। অৱশ্যে এখন আসনত বিজেপিৰ প্ৰাৰ্থী জয় হোৱাটো নিশ্চিত হৈ আছে।

শেহতীয়া বাতৰি