உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • সন্মুখত ৰাজ্যসভা নিৰ্বাচন, দ্বিতীয়খন আসনত প্ৰাৰ্থিত্ব দিব AIUDF–এ, বিৰোধীৰ অংকত লাগিছে আউল

    সন্মুখত ৰাজ্যসভা নিৰ্বাচন, দ্বিতীয়খন আসনত প্ৰাৰ্থিত্ব দিব AIUDF–এ, বিৰোধীৰ অংকত লাগিছে আউল

    সমাগত ৰাজ্যসভা নিৰ্বাচন। ৰাজ্যসভাত অসমৰ দুখন আসন খালী হ’ব। ২ এপ্ৰিলত অন্ত পৰিব কংগ্ৰেছৰ দুই সাংসদ ৰিপুণ বৰা, ৰাণী নৰহৰ কাৰ্যকাল।

    সমাগত ৰাজ্যসভা নিৰ্বাচন। ৰাজ্যসভাত অসমৰ দুখন আসন খালী হ’ব। ২ এপ্ৰিলত অন্ত পৰিব কংগ্ৰেছৰ দুই সাংসদ ৰিপুণ বৰা, ৰাণী নৰহৰ কাৰ্যকাল।

    সমাগত ৰাজ্যসভা নিৰ্বাচন। ৰাজ্যসভাত অসমৰ দুখন আসন খালী হ’ব। ২ এপ্ৰিলত অন্ত পৰিব কংগ্ৰেছৰ দুই সাংসদ ৰিপুণ বৰা, ৰাণী নৰহৰ কাৰ্যকাল।

    • Share this:
    ২ এপ্ৰিলত ৰাজ্যসভাত অন্ত পৰিব কংগ্ৰেছৰ দুই সাংসদ ৰিপুণ বৰা আৰু ৰাণী নৰহৰ কাৰ্যকাল। নিৰ্বাচনলৈ হাতত মাত্ৰ এটা মাহ থকা অৱস্থাত দ্বিতীয়খন আসনক লৈ বাকযুদ্ধ আৰম্ভ হৈছে শাসক–বিৰোধীৰ মাজত। তাৰ মাজতে AIUDFয়ে আৰম্ভ কৰিছে নতুন অংক।

    সমাগত ৰাজ্যসভা নিৰ্বাচন। ৰাজ্যসভাত অসমৰ দুখন আসন খালী হ’ব। ২ এপ্ৰিলত অন্ত পৰিব কংগ্ৰেছৰ দুই সাংসদ ৰিপুণ বৰা, ৰাণী নৰহৰ কাৰ্যকাল। সেয়ে মাজত এমাহ থকা অৱস্থাত ৰাজ্যসভাৰ দ্বিতীয়খন আসনক লৈ এতিয়া তুংগত উঠিছে বাকযুদ্ধ। তাৰ মাজতে AIUDF–এ  দ্বিতীয়খন আসনত প্ৰাৰ্থিত্ব দিয়াৰ সিদ্ধান্ত লৈছে। এই কথা নিউজ১৮ক জনালে এআইইউডিএফৰ বিধায়ক তথা দলটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মুখপাত্ৰ কৰিমুদ্দিন বৰভূঞাই।

    উল্লেখযোগ্য যে এই মুহূৰ্তত বিৰোধী শিবিৰত ৰহা সমষ্টিৰ শশীকান্ত দাস আৰু বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদক বাদ দিলেও কংগ্ৰেছৰ হাতত আছে ২৫জন বিধায়ক। তেনেক্ষেত্ৰত AIUDFৰ ১৫জন আৰু অখিল গগৈ লগতে সৰভোগৰ মনোৰঞ্জন তালুকদাৰে বিৰোধীৰ মুঠ বিধায়কৰ সংখ্যা হয় মেজিক নম্বৰ ৪২। সংখ্যাৰ তৰফৰ পৰা এইটো নিশ্চিত হলে বিৰোধী ঐক্য দ্বিতীয়খন আসনত জয়ী হ’ব। তেনে এক হিচাপ নিকাচৰ মাজতে এআইইউডিএফৰ প্ৰাৰ্থিত্ব প্ৰক্ষেপৰ সিদ্ধান্তই আউল লগাইছে বিৰোধীৰ অংকত। ভূপেন বৰা নেতৃত্বতে উপ–নিৰ্বাচনত এআইইউডিএফৰ সংগ ত্যাগ কৰিছিল কংগ্ৰেছে। তেনেক্ষেত্ৰ কংগ্ৰেছে এআইইউডিএফৰ প্ৰাৰ্থীক ৰাজ্যসভা নিৰ্বাচনত সমৰ্থন দিয়েনে বা অখিল গগৈয়ে সমৰ্থন দিবনে সেয়া এই মুহূৰ্তত লাখটকীয়া প্ৰশ্ন।
    Published by:Sanjay Kumar Das
    First published: