உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • কাৰ্বি আংলং স্বায়িত্তশাসিত পৰিষদৰ নতুন অধ্যক্ষ হ'ব ৰাজু টিছো 

    কাৰ্বি আংলং স্বায়িত্তশাসিত পৰিষদৰ নতুন অধ্যক্ষ হ'ব ৰাজু টিছো 

    এইবাৰৰ স্বায়িত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ জৰিয়তে ১১গৰাকী নৱাগত প্ৰাৰ্থীয়ে জয়লাভ কৰে। 

    এইবাৰৰ স্বায়িত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ জৰিয়তে ১১গৰাকী নৱাগত প্ৰাৰ্থীয়ে জয়লাভ কৰে। 

    এইবাৰৰ স্বায়িত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ জৰিয়তে ১১গৰাকী নৱাগত প্ৰাৰ্থীয়ে জয়লাভ কৰে। 

    • Share this:
    কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নতুন অধ্যক্ষ হ'ব ৰাজু টিছো। হাওৰাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত কৰকান্থী পৰিষদীয় সমষ্টিৰ বিজেপিৰ বিজয়ী প্ৰাৰ্থী ৰাজু টিছোৱে মঙলবাৰে অধ্যক্ষ পদৰ বাবে নিজৰ মনোনোয়ন পত্ৰ দাখিল কৰে।

    বিজেপিয়ে যিহেতু ২৬খন আসনতে বিজয়ী হৈছে সেয়ে ৰাজু টিছোৱে বিনা প্ৰতিদ্বন্দ্বিতাৰে কাৰ্বি পৰিষদৰ অধ্যক্ষ নিৰ্বাচিত হোৱাটো একপ্ৰকাৰ নিশ্চিত। বুধবাৰে অধ্যক্ষ নিৰ্বাচিত হোৱাৰ পিছতহে তুলিৰাম ৰংহাঙে মুখ্য কাৰ্য্যবাহী সদস্য অৰ্থাৎ CEM পদৰ বাবে মনোনোয়ন পত্ৰ দাখিল কৰিব।

    উল্লেখযোগ্য যে সোমবাৰে অসমৰ ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীয়ে শপতবাক্য পাঠ কৰাইছিল পৰিষদৰ  (KAAC) ২৬গৰাকী নিৰ্বাচিত সদস্যক। এইবাৰৰ স্বায়িত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ জৰিয়তে ১১গৰাকী নৱাগত প্ৰাৰ্থী ক্ৰমে অভিজিৎ ক্ৰ', লম্বিছন বে, হেডছিং ৰংফাৰ, অজিত কুমাৰ দে', বিল মোহন খাখলাৰী, কানবুৰা কিলিং, মধুৰাম লেখটে, জনি তিমুং, তিলোত্তমা হাছনু, কাদম টেৰাংপী আৰু শ্ৰৱন তেলেংগা প্ৰথমবাৰলৈ বিজয়ী হৈ পৰিষদলৈ আহিছে।
    Published by:Gautam Barman
    First published: