ৰাজনাথ সিঙক সংগ দিয়ে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
ৰাজনাথ সিঙক সংগ দিয়ে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
পুৱাই শক্তিপীঠ কামাখ্যা ধামত উপস্থিত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। শক্তিপীঠত উপস্থিত হৈ মা কামাখ্যাৰ আশিস ল’লে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে। ৰাজনাথ সিঙক সংগ দিয়ে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
উল্লেখযোগ্য যে বৃহস্পতিবাৰে লখিমপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী কিমিন বিলগড়লৈ আহিছিল দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং৷ বিলগড়ত আনুষ্ঠানিকভাৱে উদ্বোধন কৰে আৰুণাচলৰ সাতটাকৈ পথ৷ সীমান্ত পথ প্ৰাধিকৰণৰ (Border Roads)ৰ দ্বাৰা নিৰ্মিত কিমিনৰ পৰা পুটিন সংযোগী পথটো নিজহাতে উদ্বোধন কৰাৰ লগতে অন্য ছটা গুৰুত্বপুৰ্ণ পথ উদ্বোধন কৰে অনলাইনযোগে। তাৰ পিছতে সিং উভতি আহিছিল গুৱাহাটীলৈ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|