• Home
  • »
  • News
  • »
  • assam
  • »
  • Model Rajkanya Baruah: কাৰাগাৰৰ পৰা ওলোৱাৰ পথ মুকলি মডেল ৰাজকন্যা বৰুৱাৰ, জামিন মঞ্জুৰ উচ্চ ন্যায়ালয়ৰ

Model Rajkanya Baruah: কাৰাগাৰৰ পৰা ওলোৱাৰ পথ মুকলি মডেল ৰাজকন্যা বৰুৱাৰ, জামিন মঞ্জুৰ উচ্চ ন্যায়ালয়ৰ

কোভিডৰ বাবে জাৰি কৰা নৈশ সান্ধ্য আইনৰ মাজতেই ১ অক্টোবৰৰ নিশা সংঘটিত কৰিছিল ভয়ংকৰ দুৰ্ঘটনা

কোভিডৰ বাবে জাৰি কৰা নৈশ সান্ধ্য আইনৰ মাজতেই ১ অক্টোবৰৰ নিশা সংঘটিত কৰিছিল ভয়ংকৰ দুৰ্ঘটনা

কোভিডৰ বাবে জাৰি কৰা নৈশ সান্ধ্য আইনৰ মাজতেই ১ অক্টোবৰৰ নিশা সংঘটিত কৰিছিল ভয়ংকৰ দুৰ্ঘটনা

  • Share this:
জামিন মঞ্জুৰ ৰাজকন্যা বৰুৱাৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ (Guwahati High Court) ন্যায়াধীশ অজিত বৰঠাকুৰ আদালতে ৰাজকন্যা বৰুৱাৰ জামিন মঞ্জুৰ কৰে। ন্যায়ালয়ে ৫০ হাজাৰ টকা আমানত ধনৰ বিনিময়ত মডেল ৰাজকন্যা বৰুৱাৰ জামিন মঞ্জুৰ কৰে।

গুৱাহাটীত সুৰাপান কৰি গাড়ী চলাই নিশা ৮গৰাকী শ্ৰমিকক মহটিয়াই নিয়া ৰাজকন্যা বৰুৱাক লৈ ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি হৈছিল। কিয়নো দিছপুৰ আৰক্ষীয়ে বৰুৱাক গ্ৰেপ্তাৰ কৰিছিল যদিও ২৪ ঘণ্টা নৌহওঁতেই তেওঁক মুকলি কৰি দিয়া হৈছিল। ইয়াকে লৈ সৃষ্টি হোৱা তুমুল প্ৰতিক্ৰিয়াৰ পিছত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপত দিছপুৰ আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰিছিল ৰাজকন্যাক (Rajkanya Baruah)।

কোভিডৰ বাবে জাৰি কৰা নৈশ সান্ধ্য আইনৰ মাজতেই যোৱা বৰ্ষৰ ১ অক্টোবৰত ৰুক্মিণীগাঁৱত নিশা সংঘটিত ভয়ংকৰ এই দুৰ্ঘটনাত আহত ৮গৰাকীকৈ শ্ৰমিকৰ ভিতৰত যোছেফ মাৰাক নামৰ লোকগৰাকীৰ কিছুদিন পিছতে মৃত্যু হয়। দুৰ্ঘটনাত তেওঁৰ দুয়োখন ভৰি বিচ্ছিন্ন কৰিব লগা হৈছিল। তথাপি তেওঁৰ প্ৰাণ বচাব পৰা যোৱা নাছিল (Rajkanya Baruah Granted Bail)

উল্লেখ্য যে ভাৰতীয় দণ্ডবিধি ২৭৯/৩৩৮/২৯৮/৩৫৩ ধাৰাত গ্ৰেপ্তাৰ হৈ বিগত ৫ মাহে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছিল ৰাজকন্যা বৰুৱা।
Published by:Gautam Barman
First published: