কাৰাগাৰত থকা অৱস্থাতে আজি পুনৰ গ্ৰেপ্তাৰ কৰা হয় ৰাজকন্যা বৰুৱাক। ২০১৭ চনত কৰা এটা দুৰ্ঘটনাৰ গোচৰত পুনৰ কাৰগাৰতে গ্ৰেপ্তাৰ কৰা হয় তেওঁক। সোণাৰি সমষ্টিৰ প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈৰ পুত্ৰৰ জীৱনলৈ অমানিশা নমাই অনা এই দুৰ্ঘটনা সংঘটিত কৰিছিল ২০১৭ চনত।
ছয়মাইলত বাইকেৰে আহি থকা অৱস্থাত বিধায়িকাগৰাকীৰ পুত্ৰক খুন্দিয়াই গুৰুতৰভাৱে আহত কৰিছিল তেওঁ, যাৰ ক্ষতচিহ্ন গল, বাঁওহাত আৰু ভৰিত বহলকৈ এতিয়াও লৈ ফুৰিছে এই যুৱকগৰাকীয়ে। আজিও কৰণজ্যোতি সন্দিকৈ নামৰ এই যুৱকগৰাকীয়ে ফিজিঅ' থেৰাপী লৈ থাকিবলগীয়া হয়। এই সম্পৰ্কে দিছপুৰ থানাত তেতিয়াই গোচৰ ৰুজু কৰা হৈছিল ৰাজকন্যাৰ বিৰুদ্ধে।
উল্লেখ্য, ৰাজকন্যা বৰুৱাক মঙলবাৰে হাজিৰ কৰোৱা হয় চি জে এম আদালতত। তেওঁক পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|