২ ছেপ্টেম্বৰৰ ৰাতিপুৱা অসমৰ ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ (Orang National Park) বিষয়াসকলে কৰিব লগা প্ৰথম কামটো হ'ল প্ৰৱেশ দ্বাৰত চাইনবোৰ্ড সলনি কৰা কিয়নো ৰাজ্য চৰকাৰে ৰাজীৱ গান্ধীৰ নাম আঁতৰ কৰাৰ সিদ্ধান্ত লৈছে আৰু উদ্যানখনএতিয়া আনুষ্ঠানিকভাৱে ওৰাং ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃত হ'ব, আদিবাসী আৰু চাহ জনজাতি সম্প্ৰদায়ৰ দাবীৰ প্ৰতি গুৰুত্ব আৰোপ কৰি এই সিদ্ধান্ত লৈছে চৰকাৰে।
নিউজ 18ৰ সৈতে বিশেষভাৱে কথা পাতি অসমৰ কংগ্ৰেছ ৰ সংসদ সদস্য গৌৰৱ গগৈয়ে এই পদক্ষেপক "অসন্মানজনক" বুলি অভিহিত কৰে। "এয়া কেৱল অসমৰ বিষয়ে নহয়, আমি সমগ্ৰ দেশতে যি দেখিছো। জৱাহৰলাল নেহৰুৰ পৰা আৰম্ভ কৰি ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধীলৈকে কংগ্ৰেছ দলৰ পৰা অহা দেশৰ প্ৰধানমন্ত্ৰীসকলৰ প্ৰতি এয়া সম্পূৰ্ণ অসন্মান; আমি দেখিছোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু তেওঁৰ সমৰ্থকসকলে কেনেদৰে এই নেতাসকলৰ অৱদানক নিৰন্তৰভাৱে হ্ৰাস কৰি আহিছে... প্ৰধানমন্ত্ৰী মোডীয়ে পাহৰিব নালাগে যে এই সকলো প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে দেশৰ বাবে জীৱন উচৰ্গা কৰিছিল।" টুইটাৰযোগেও গৌৰৱ গগৈয়ে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
When the next Congress Government is formed in the state of Assam, on the first day we will cancel the decision of the BJP government to remove the name of former Prime Minister Rajiv Gandhi from the Orang National Park. Indian culture teaches us to respect martyrs unlike RSS.
কংগ্ৰেছৰ আন এগৰাকী জ্যেষ্ঠ নেতা মুকুল ৱাছনিকে কয় এনে সিদ্ধান্তই চৰকাৰৰ লোকসকলৰ মানসিকতা প্ৰতিফলিত কৰে। কিন্তু এটা কথা নিশ্চিত যে ৰাজীৱ গান্ধীক সদায় এনে এজন ব্যক্তি হিচাপে স্মৰণ কৰা হ'ব যিয়ে ৰাষ্ট্ৰৰ উন্নয়নৰ বাবে যথেষ্ট অৱদান আগবঢ়াইছিল আৰু দেশৰ বাবে নিজৰ জীৱন উচৰ্গা কৰিছিল।
Such decisions reflect the mentality of those in the government. But one thing is certain that Rajiv Gandhi ji will always be remembered as a person who contributed immensely for the nations development and ultimately laying down his life for the country. https://t.co/Jf6IPUS3PR