মুখ্যপৃষ্ঠা » খবৰ

» অসম

»আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ মন ৰাজেন গোহাঁইৰ, টিকটক লৈ কি ক’লে গোহাঁয়ে?

আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ মন ৰাজেন গোহাঁইৰ, টিকটক লৈ কি ক’লে গোহাঁয়ে?

News18 Assam | News18-Assam
Updated:July 6, 2020, 8:33 PM IST
আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ মন ৰাজেন গোহাঁইৰ, টিকটক লৈ কি ক’লে গোহাঁয়ে?
জনসম্পৰ্ক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ যোৱা গোহাঁয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য কয় – ‘ম‌ই এতিয়াও ইমান বুঢ়া হৈ যোৱা নাই যে বহি যাব লগা অৱস্থা হৈছে।’

জনসম্পৰ্ক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ যোৱা গোহাঁয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য কয় – ‘ম‌ই এতিয়াও ইমান বুঢ়া হৈ যোৱা নাই যে বহি যাব লগা অৱস্থা হৈছে।’

  • Share this:
আজি হোজাই জিলাৰ  লংকা টাউন মণ্ডলৰ দলীয় কৰ্মীসহ লংকাৰ বিশিষ্ট ব্যক্তিসকলৰ ঘৰলৈ গৈ জনসম্পৰ্ক কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰাক্তন মন্ত্ৰী ৰাজেন গোঁহায়ে। লংকা ৰে’ল ষ্টেচনত থকা দৰিদ্ৰ–নিচলা লোকৰ মাজত বিতৰণ কৰিলে দুপৰীয়াৰ আহাৰ। জনসম্পৰ্ক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ যোৱা গোহাঁয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য কয় – ‘ম‌ই এতিয়াও ইমান বুঢ়া হৈ যোৱা নাই যে বহি যাব লগা অৱস্থা হৈছে।’

আগন্তক বিধানসভাৰ নিৰ্বাচনত বঢ়মপুৰ নাইবা নগাঁও সদৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ হেঁপাহ আছে প্ৰাক্তন ৰাজ্যিক ৰে’ল মন্ত্ৰী ৰাজেন গোঁহাইৰ। অৱশ্যে  নিৰ্বাচনৰ টিকট দিয়া–নিদিয়াটো দলৰ কথা বুলিও মন্তব্য কৰে গোহাঁয়ে।

আনহাতে, বিধায়ক আমিনুল ইছলামৰ পিতৃৰ জানাজাত নগাঁৱৰ ধিঙত হাজাৰ হাজাৰ মানুহৰ সমাগম হোৱা প্ৰসংগত গোহাঁয়ে কয় যে তেওঁলোকে সামাজিক দূৰত্ব মানিহে কৰিব লাগিছিল। কিন্তু তেওঁলোকে প্ৰতিযোগিতাৰে এনে কাম কৰিছে। প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই তেওঁলোকে এনেদৰে বহু মানুহৰ সমাৱেশ ঘটালে। এয়া সহজভাৱে ল’লে নহ’ব, কঠোৰভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।
Published by: Sanjay Kumar Das
First published: July 6, 2020, 8:33 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি