মুখ্যপৃষ্ঠা » খবৰ

» অসম

»ড° হিমন্ত বিশ্ব শৰ্মাই অসম আৰু অসমীয়াৰ বাবে সাহসেৰে কাম কৰি গৈছে, কেবিনেট মৰ্যাদা লাভৰ পিছতে ক’লে ৰাজেন গোহাঁয়ে

ড° হিমন্ত বিশ্ব শৰ্মাই অসম আৰু অসমীয়াৰ বাবে সাহসেৰে কাম কৰি গৈছে, কেবিনেট মৰ্যাদা লাভৰ পিছতে ক’লে ৰাজেন গোহাঁয়ে

News18 Assam | News18-Assam
Updated:July 22, 2021, 5:16 PM IST
ড° হিমন্ত বিশ্ব শৰ্মাই অসম আৰু অসমীয়াৰ বাবে সাহসেৰে কাম কৰি গৈছে, কেবিনেট মৰ্যাদা লাভৰ পিছতে ক’লে ৰাজেন গোহাঁয়ে
আনহাতে পুৰণি কৰ্মীক উচিত সন্মান দিয়া সন্দৰ্ভত ৰাজেন গোঁহায়ে কয়, "মোৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত মতবিৰোধ কেতিয়াও নাই।’’

আনহাতে পুৰণি কৰ্মীক উচিত সন্মান দিয়া সন্দৰ্ভত ৰাজেন গোঁহায়ে কয়, "মোৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত মতবিৰোধ কেতিয়াও নাই।’’

  • Share this:
"মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মোক গুৰু দায়িত্ব দিছে। তেখেতে অসম আৰু অসমীয়াৰ সুৰক্ষাৰ বাবে কাম কৰি গৈছে। তেখেতৰ লগত আমিও অসমক সুৰক্ষিত কৰাৰ বাবে কাম কৰি যাম।"- কেবিনেট মৰ্যাদা লাভ কৰাৰ পিছতে মুখ্যমন্ত্ৰীক ধন্যবাদ জনালে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে।

খাদ্য আৰু অসামৰিক যোগানৰ অধ্যক্ষ পদ পোৱাৰ পিছত মুখ্যমন্ত্ৰীক ধন্যবাদ জনাই ৰাজেন গোঁহায়ে কয়- "পূৰ্বে ধানৰ দাম নোপোৱাৰ বাবে খেতিয়কৰ কামৰ প্ৰতি অনীহা হৈছিল। কিন্তু এতিয়া কৃষকৰ ধান চৰকাৰে ক্ৰয় কৰাৰ ব্যৱস্থা কৰিছে। আমি এই ধান ভাৰতীয় খাদ্য নিগমক দি কৃষকক উচিত মূল্য দিয়াৰ ব্যৱস্থা কৰিম।"

আনহাতে পুৰণি কৰ্মীক উচিত সন্মান দিয়া সন্দৰ্ভত ৰাজেন গোঁহায়ে কয়, "মোৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত মতবিৰোধ কেতিয়াও নাই। তেওঁ অসমীয়া জাতিৰ কাৰণে সাহসেৰে বহু ভাল কাম কৰিছে। সেয়ে তেওঁক সমৰ্থন কৰো। এগৰাকী পুৰণি কৰ্মী হিচাপে মোক এই সন্মান দিয়াৰ বাবে মই সুখী। কিন্তু লগতে সকলো পুৰণি কৰ্মীকে উচিত সন্মান দিয়াৰ বাবে মই তেওঁক বিনম্ৰভাৱে আহ্বান জনাইছো।"

আনহাতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ভূয়সী প্ৰশংসা কৰি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে অনাগত সময়ছোৱাত অসম আৰু অসমীয়াৰ সুৰক্ষাৰ স্বাৰ্থত মুখ্যমন্ত্ৰীয়ে কৰা প্ৰতিটো কামতে তেওঁ সহযোগ আগবঢ়াব বুলিও মন্তব্য কৰে। গোহাঁয়ে লগতে খাদ্য আৰু অসামৰিক বিভাগটো শক্তিশালী কৰাৰ বাবে বহু সপোন আছে বুলি মন্তব্য কৰাৰ লগতে এই সন্দৰ্ভত শীঘ্ৰেই মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হ'ব বুলিও সংবাদ মাধ্যমক জনায়।
Published by: Sanjay Kumar Das
First published: July 22, 2021, 5:16 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি