মুখ্যপৃষ্ঠা » খবৰ

» অসম

»ৰাজনীতিৰহে শত্ৰু,এনেইটো আমি বন্ধু!স্বাধীনতা দিৱসৰ কাৰ্যসূচীত একেলগে ৰাজেন–প্ৰদ্যুৎ

ৰাজনীতিৰহে শত্ৰু,এনেইটো আমি বন্ধু!স্বাধীনতা দিৱসৰ কাৰ্যসূচীত একেলগে ৰাজেন–প্ৰদ্যুৎ

News18-Assam
Updated:August 15, 2019, 3:04 PM IST
ৰাজনীতিৰহে শত্ৰু,এনেইটো আমি বন্ধু!স্বাধীনতা দিৱসৰ কাৰ্যসূচীত একেলগে ৰাজেন–প্ৰদ্যুৎ
স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অন্তৰংগ মুহুৰ্তত দেখা গ'ল নগাঁও সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু প্ৰাক্তন সাংসদ ৰাজেন গোঁহাইক

স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অন্তৰংগ মুহুৰ্তত দেখা গ'ল নগাঁও সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু প্ৰাক্তন সাংসদ ৰাজেন গোঁহাইক

  • Share this:
নীলোৎপল বৰাঃ ৭৩সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অন্তৰংগ মুহুৰ্তত দেখা গ'ল প্ৰাক্তন ৰেল ৰাজ্যমন্ত্ৰী তথা নগাঁও সমষ্টিৰ প্ৰাক্তন সাংসদ ৰাজেন গোঁহাই আৰু কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক। বিগত নিৰ্বাচনত বিজেপিৰ টিকট বঞ্চিত প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ সাংসদ গৰাকীৰ সৈতে অন্তৰংগ আলাপত ব্যস্ত থকাৰ দৃশ্যই সকলোকে আকৰ্ষিত কৰিলে। দুয়োগৰাকী নেতাই আনকি সংবাদ মাধ্যমৰ সন্মুখত ফটোৰ বাবেও প’জ দিলে। অৱশ্যে ভাৰতৰ স্বাধীনতা দিৱসৰ পবিত্ৰ ক্ষণত দুয়োগৰাকী ৰাজনীতিবিদে ৰাজনৈতিক বৈৰীভাব পৰিত্যাগ কৰি একেখন মঞ্চত বহি স্বাধীনতা দিৱসৰ কাৰ্যসূচী উপভোগ কৰা কাৰ্যই ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ বাবে এক সু-লক্ষণ বুলিও বহুজনে মন্তব্য কৰিলে।
First published: August 15, 2019, 3:04 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি