শিলাদিত্য দেৱৰ ঘোষণাক লৈ বিজেপিত খলকনি, ৰাজেন গোহাঁয়ে ক’লে – তেওঁক দলৰ মজিয়ালৈ ঘূৰাই অনাটো অত্যন্ত প্ৰয়োজন

বিধায়কগৰাকীৰ এই হুংকাৰৰ লগে লগে ছচিয়েল মিডিয়াত শিলাদিত্য দেৱক বিজেপি ত্যাগ নকৰিবলৈ আহ্বান জনাইছে বহু অনুৰাগীয়ে৷
বিধায়কগৰাকীৰ এই হুংকাৰৰ লগে লগে ছচিয়েল মিডিয়াত শিলাদিত্য দেৱক বিজেপি ত্যাগ নকৰিবলৈ আহ্বান জনাইছে বহু অনুৰাগীয়ে৷
- News18 Assam
- Last Updated: July 13, 2020, 1:23 PM IST
ইয়াৰ মাজতে শিলাদিত্য দেৱৰ ৰাজনৈতিক গুৰু তথা নগাঁৱৰ প্ৰাক্তন সাংসদ ৰাজেন গোহাঁয়ে লিখিছে,"মই সামাজিক মাধ্যমৰ যোগেদি দলৰ ৰাজ্যিক নেতৃবৃন্দক নিম্নলিখিত বিষয়টোৰ ওপৰত দলীয় স্বাৰ্থত অৱগত কৰো যে হোজাই সমষ্টিৰ বিধায়ক শ্ৰী শিলাদিত্য দেৱে দলৰ পৰা অব্যাহতি ঘোষণা কৰাটো দলৰ বাবে এক অত্যন্ত দুঃখৰ বিষয়। মই ৰাজ্যিক নেতৃত্বক অনুৰোধ জনাওঁ যে এই বিষয়টো সহজভাৱে নলৈ অতি গুৰুত্বসহকাৰে বিষয়টো পৰ্যালোচনা কৰি তেখেতক দলৰ মজিয়ালৈ ঘূৰাই অনাটো নিতান্ত প্ৰয়োজনীয়। তেখেতৰ নিচিনা এক বলিষ্ঠ বিধায়ক ২০২১ চনৰ নিৰ্বাচনৰ আগমুহূৰ্তত দল ত্যাগ কৰাটো দলৰ বাবে এক অশনি সংকেত। আগলৈ ই দলৰ বাবে এক খহনীয়াৰ ৰূপ ধাৰণ কৰিব পাৰে।এই বিষয়টোত মই মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক সভাপতি শ্ৰী ৰঞ্জিত দাস ডাঙৰীয়াৰ প্ৰত্যক্ষ হস্তক্ষেপ আৰু ইতিবাচক পৰ্যালোচনাৰ আশা ৰাখিছোঁ। মই আশাবাদী যে বহু দলীয় কাৰ্যকৰ্তাৰ ৩০-৩৫ বছৰৰ ত্যাগ আৰু কষ্টৰ বিনিময়ত আজি আমি এই দিনৰ মুখ দেখিবলৈ সক্ষম হোৱা বিজেপি অসম প্ৰদেশে দলৰ প্ৰত্যেক কাৰ্যকৰ্তাক গুৰুত্ব প্ৰদান কৰি দলীয় মজিয়াত আঁকোৱালি ৰখাতো অত্যন্ত জৰুৰী।"– ৰাজেন গোহাঁই।