সকলোতকৈ সুৰক্ষিত ৰেল বুলি ভবা ৰাজধানী এক্সপ্ৰেছত এতিয়া চলে চোৰাং বেহা ৷ বৃহস্পতিবাৰে পুৱা নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ জৰিয়তে বহিঃৰাজ্যলৈ বুলি ধৰ্মেন্দ্ৰ কুমাৰ নামৰ ব্যক্তি এজনে ৪খনকৈ সোণৰ বিস্কুট সৰবাৰহৰ চেষ্টা চলাই জালত পৰে ৰেল আৰক্ষীৰ৷
পেন্টৰ বেল্টৰ তলত অতি সংগোপনে ডিমাপুৰৰ পৰা ক্ৰয় কৰি বিহাৰত বিক্ৰীৰ বাবে লৈ যোৱাৰ কথা স্বীকাৰ কৰে সৰবাৰহকাৰী ধৰ্মেন্দ্ৰ কুমাৰে ৷ ইপিনে একেখন ৰেলতে আন এটা দবাত প্ৰায় ৯৪ কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় ৰেল আৰক্ষী ৷ অৱশ্য ৰেল আৰক্ষীয়ে গাঞ্জাখিনি জব্দ কৰাৰ সময়তে ৰেলৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় সৰবৰাহকাৰী ৷ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলেও ৰেল আৰক্ষীৰ তথ্য মতে দিল্লীলৈ বুলি সৰবৰাহৰ চেষ্টা চলোৱা হৈছিল জব্দকৃত গাঞ্জাখিনি ৷ সকলোতকৈ সুৰক্ষিত ৰেল বুলি ভবা ৰাজধানী এক্সপ্ৰেছত প্ৰতিদিনে এনেদৰে বিভিন্ন অবৈধ সামগ্ৰী সৰবাৰহৰ ঘটনাই এতিয়া চিন্তিত কৰি তুলিছে ৰেল যাত্ৰীসকলক ৷
Published by: Kokil Sarma
FIRST PUBLISHED : March 23, 2023, 20:28 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।