আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত অসম, মেঘালয় আৰু অৰুণাচলৰ কিছু কিছু ঠাইত প্ৰৱল বৰষুণৰ সম্ভৱনা। ঠিক তেনেকৈ ২৬ ছেপ্টেম্বৰলৈ ধাৰাসাৰ বৰষুণ থাকিব এই তিনিখন ৰাজ্যত। তাৰ মাজতে নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা আৰু মিজোৰামৰ কিছু কিছু ঠাইত হ’ব ধাৰাসাৰ বৰষুণ। এই আগজাননী দিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।
বে অফ বেংগল সাগৰপৃষ্ঠৰ পৰা ৫.৮ কিলোমিটাৰ দূৰত্বত উৎপত্তি হোৱা ধুমুহাৰ ফলত মৌচুমীৰ প্ৰভাৱ পৰিছে উত্তৰ–পূৰ্বাঞ্চলৰ ৰাজ্যত। যাৰ ফলত আগন্তুক পাঁচ দিনলৈ অসম তথা উত্তৰ–পূৰ্বাঞ্চলৰ ছয়খন ৰাজ্যত বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
অসমৰ বহু জিলাৰ বেছি ভাগ ঠাইত অহা ২৩ আৰু ২৪ ছেপ্টেম্বৰলৈ কম পৰিমাণে বৰষুণ হোৱাৰ উপৰিও মহানগৰীত ২৪ ঘণ্টাৰ ভিতৰত ধাৰাসাৰ বৰষুণ হোৱাৰ পিছত লাহে লাহে হ্ৰাস পাব বৰষুণৰ পৰিমাণ।