কাইলৈও গুৱাহাটীত বৰষুণৰ আগজাননী।
কাইলৈও গুৱাহাটীত বৰষুণৰ আগজাননী।
দুৰ্গা পূজাত বিধি-পথালি দিব পাৰে বতৰে । বিগত দুই-তিনিদিন ধৰি অসমৰ বিভিন্ন ঠাইৰ লগতে উত্তৰ-পুৰ্বাঞ্চলত কিছু ঠাইত বৰষুণ অব্যাহত আছে । এই বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পুজামণ্ডপ সমুহ নিৰ্মান কৰাত অসুবিধাৰো সৃষ্টি হৈছে । সাগৰ পৃষ্ঠৰ ৩.১ কিলোমিটাৰ ওপৰত উৎপত্তি হোৱা ঘূৰ্ণীবতাহৰ ফলত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন স্থানত হৈ আছে বৰষুণ । আজিও অসম তথা মেঘালয়ৰ কিছু কিছু ঠাইত প্ৰবল বৰষুণৰ লগতে নেৰা নেপেৰা বৰষুণৰ আগজাননী দিছিল আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। আনহাতে ১ অক্টোবৰত অসম মেঘালয়ৰ কিছু ঠাইত প্ৰবল বৰষুণ আহিব যদিও ২ আৰু ৩ অক্টোবৰত বৰষুণ হ্ৰাস পাব। কিন্তু ৪ অক্টোৰত পুনৰ বৰষুণৰ মাত্ৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা অসম মেঘালয়ৰ বিভিন্ন ঠাইত । এই আগজনী কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই । আনহাতে গুৱাহাটী মহানগৰীত আজিৰ দৰে কাইলৈও কিছু পৰিমানে বৰষুণ হৈ থকাৰ সম্ভাৱনা আছে । আজিৰ দিনটোৰ গুৱাহাটীৰ তাপ মান আছিল সৰ্বোচ্ছ ২৬.৫ ডিগ্ৰী চেলচিয়াছ।।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|