দুৰ্গা পূজালৈ মাজত মাথোঁ এটি দিন। এইবাৰ দুৰ্গাপূজাৰ সময়ত ৰাজ্যত বৰুণ দেৱতাই বিধিপথালি দিয়াৰ আশংকাই দেখা দিছে। কিয়নো সাগৰ পৃষ্ঠত ৫.৮ কিলোমিটাৰ গতিবেগত উৎপত্তি হোৱা সাগৰীয় বতাহৰ ফলত বৰষুণৰ প্ৰভাৱ পৰিব অসমৰ গুৱাহাটীকে ধৰি বহুকেইখন জিলাত।
আজিৰে পৰা অহা ১৩ অক্টোবৰলৈ অসমৰ কিছু কিছু ঠাইত বৰষুণৰ আগজাননী সদৰী কৰিলে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। দেওবাৰে ১০ অক্টোবৰত ২৪ ঘণ্টাৰ ভিতৰত ডিমা হাছাও, কৰিমগঞ্জ , মৰিগাঁও, কাৰ্বি আলং আৰু পশ্চিম কাৰ্বি আলং জিলাৰ কিছু কিছু ঠাইত পাতলীয়া বৰষুণ হ'ব পাৰে।
তাৰ পিছতেই ১১ অক্টোবৰত ডিমা হাছাও, কাছাৰ, কৰিমগঞ্জ, কাৰ্বি আলং আৰু পশ্চিম কাৰ্বি আলং জিলাৰ কিছু কিছু ঠাইত বৰষুণ হ'ব। ঠিক তেনেদৰে অহা ১২ অক্টোবৰত কামৰূপ, ডিমা হাছাও, কাৰ্বিআলং আৰু পশ্চিম কাৰ্বি আলং জিলাৰ কিছু কিছু ঠাইত বৰষুণ থাকিব।
আনহাতে অহা ১৩ অক্টোবৰতো কামৰূপ মহানগৰ, ডিমাহাছাও, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, হোজাই, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন স্থানত বৰষুণ হোৱাৰ সম্ভাৱনা আছে যদিও কামৰূপ, দক্ষিণ শালমাৰা, বৰপেটা, গোৱালপাৰা, দৰং, মৰিগাঁও, নগাঁও, গোলাঘাট আৰু নলবাৰী জিলাৰ কিছু কিছু ঠাইত হ'ব পাতলীয়া বৰষুণ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|