আহি আছে মৌচুমী, ৩জুনত অসম তথা উত্তৰ পূবত প্ৰৱল বৰষুণৰ সম্ভাৱনা

গুৱাহাটী তথা গুৱাহাটীৰ দাঁতিকাষৰীয়া অঞ্চল মেঘাচন্ন হৈ থকাৰ আগজাননী।

news18assam
Updated:May 30, 2019, 5:17 PM IST
আহি আছে মৌচুমী, ৩জুনত অসম তথা উত্তৰ পূবত প্ৰৱল বৰষুণৰ সম্ভাৱনা
গুৱাহাটী তথা গুৱাহাটীৰ দাঁতিকাষৰীয়া অঞ্চল মেঘাচন্ন হৈ থকাৰ আগজাননী।
news18assam
Updated: May 30, 2019, 5:17 PM IST
কেইটামান দিনৰ ভিতৰতে মৌচুমীয়ে প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চল তথা অসমত । ইতিমধ্যে মৌচুমী বতাহ বলা আৰম্ভ হৈছে আন্দামান দ্বীপ, বংগোপসাগৰীয় অঞ্চলত । যাৰ বাবে আগন্তুক সপ্তাহৰ ভিতৰত বিভিন্ন ৰাজ্যৰ কিছু সংখ্যক ঠাইত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা। অহা ৩১মে’ৰ মেৰ পৰা ২ জুনলৈ অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু ঠাইত ধাৰাসাৰ বৰষুণ অহাৰ লগতে ৩ জুনত প্ৰৱল বৰষুণৰ সম্ভৱনা । আনহাতে গুৱাহাটী মহানগৰী তথা গুৱাহাটীৰ দাঁতিকাষৰীয়া অঞ্চল মেঘাচন্ন হৈ থাকিব । এই আগজাননী  দিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।
আৰু চাওক পৰৱৰ্তী বাতৰি