আগন্তুক ৪ দিন ৰাজ্যত হ’ব মুষলধাৰ বৰষুণ!

বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী

News18-Assam
Updated:July 13, 2019, 9:49 AM IST
আগন্তুক ৪ দিন ৰাজ্যত হ’ব মুষলধাৰ বৰষুণ!
বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী
News18-Assam
Updated: July 13, 2019, 9:49 AM IST
ৰাজ্যত এতিয়া বানপানীৰ তীব্ৰ ৰূপ। চৌদিশে পানী আৰু পানী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন অঞ্চল এতিয়া বানপানীৰ কবলত। কেইবাদিন ধৰি হৈ থকা নেৰা নেপেৰা বৰষুণৰ ফলত ক্ৰমাৎ বৃদ্ধি পাইছে নদ–নদী সমূহৰ জলপৃষ্ঠ। সেইসময়তে বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই দিছে অনাগত ৪ দিনলৈ ৰাজ্যত মুষলধাৰ বৰষুণ হোৱাৰ আগজাননী। বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি সমগ্ৰ অসমতে অব্যাহত থাকিব বৰষুণ। সম্ভাৱনা আছে ৰাজ্যৰ প্ৰতিখন জিলাতে কম-বেছি পৰিমাণে বৰষুণ হোৱাৰ । সেইদৰে ১৪ জুলাইত গুৱাহাটীত হ’ব ধাৰাসাৰ বৰষুণ

সমগ্ৰ উঃ-পূবতে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননীৰ পিছত এতিয়া ৰাজ্যত বান পৰিস্থিতি অধিক অৱনতিৰ হোৱাৰ আশংকা কৰা হৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি