ৰাজ্যত চৌদিশে এতিয়া বান। বানপানীৰ ফলত উজনি নামনিৰ লগতে বৰাক উপত্যকাৰো বিভিন্ন জিলাত জটিল পৰিস্থিতি। ইয়াৰ মাজতে বৰষুণৰ আগজাননীয়ে চিন্তিত কৰি তুলিছে ৰাজ্যবাসীক।
বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ৪ দিনলৈ অসমৰ লগতে উত্তৰ-পূৱৰ প্ৰায় ৰাজ্যতে অব্যাহত থাকিব কম বেছি পৰিমাণে বৰষুণ। বৃহস্পতি আৰু শুকুৰবাৰে গুৱাহাটী মহানগৰীত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। শনিবাৰ পৰ্যন্ত বৰষুণ অব্যাহত থাকিব।
দেওবাৰলৈ অসমৰ উপৰিও নাগালেণ্ড, মণিপুৰ, মেঘালয় আৰু ছিকিমত ধাৰাসাৰ বৰষুণ হ’ব বুলি জানিবলৈ দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আনহাতে উক্ত দিনকেইটাত গুৱাহাটী মহানগৰীত প্ৰায় ২৫ ডিগ্ৰী ছেলচিয়াচলৈ নামিব পাৰে তাপমাত্ৰা।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|