কচুগাওঁ বনাঞ্চলক ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰাত মুখ্যমন্ত্ৰীলৈ বি টি আৰ প্ৰধান প্ৰমোদ বড়োৰ ধন্যবাদ জ্ঞাপন।
কচুগাওঁ বনাঞ্চলক ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰাত মুখ্যমন্ত্ৰীলৈ বি টি আৰ প্ৰধান প্ৰমোদ বড়োৰ ধন্যবাদ জ্ঞাপন।
বি টি আৰৰ অধীনস্থ কচুগাওঁ বনাঞ্চলক বিশ্ব পৰিৱেশ দিৱসৰ দিনা ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে 'ৰাইমনা' ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰাত বড়োলেণ্ডবাসীৰ বাবে এটি উপহাৰ বুলি প্ৰকাশ কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে ৷ কোকৰাঝাৰ জিলাৰ হাতীধূৰা উন্নয়ন খণ্ডৰ অৰুণোদয় আচঁনিৰ বুজ লবলৈ আহি প্ৰমোদ বড়োৱে সংবাদ মাধ্যমৰ আগত 'ৰাইমনা' ৰাষ্ট্ৰীয় উদ্যানখনত ইকো টুৰিজিমৰ উন্নত কৰাৰ ক্ষেত্ৰত যথেষ্ট সম্ভাৱনীয়তা আছে বুলি প্ৰকাশ কৰে ৷ তেওঁ লগতে বিশ্ব পৰিৱেশ দিৱসৰ দিনা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এটা উপহাৰ দিলে বুলি প্ৰকাশ কৰি বড়োলেণ্ডবাসীৰ হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায় ৷ ইয়াৰোপৰি 'ৰাইমনা' ৰাষ্ট্ৰীয় উদ্যানখনক ভাৰতবৰ্ষৰ অন্যান্য ৰাষ্ট্ৰীয় উদ্যানসমূহৰ দৰেকৈ উন্নীত কৰাৰ বাবে আচঁনি গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰে ৷
উল্লেখ্য যে বিশ্ব পৰিৱেশ দিৱসৰ দিনা কেন্দ্ৰীয় চৰকাৰে অসমলৈ উপহাৰ হিচাপে দিলে এই ৰাষ্ট্ৰীয় উদ্যানখন। কচুগাঁও বনাঞ্চলৰ বৰ্তমান 'ৰায়মনা' ৰাষ্ট্ৰীয় উদ্যানখন প্ৰচুৰ জৈৱ বৈচিত্ৰ্যৰে সমৃদ্ধিৰে ভৰপূৰ। 'ৰাইমনা' ৰাষ্ট্ৰীয় উদ্যান মূলতঃ সোণালী বান্দৰৰ বাবে বিখ্যাত। ইয়াৰ লগতে উদ্যানখনত আছে হাতী, বাঘ, ম'হ, হৰ্নবিল, ফুটুকী হৰিণ, নাহৰফুটুকী, ১৫০ বিধ বিচিত্ৰ প্ৰজাতিৰ পখিলা, ১৭০ বিধ প্ৰজাতিৰ চৰাই, ৩৮০ বিধ প্ৰজাতিৰ নানা গছ–গছনিৰ লগতে আন বহু প্ৰজাতিৰ অৰ্কিড। সম্প্ৰতি ৪২২ বৰ্গকিলোমিটাৰ আবৰি থকা উদ্যানখনে ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি লাভ কৰাৰ পিছতে ইয়াৰ শোভা বৰ্ধনৰ সকলোখিনি চৰকাৰৰ সহযোগত কৰা হ'ব বুলি বিটিআৰ প্ৰধান প্ৰমোদ বড়োই মত প্ৰকাশ কৰে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|