ৰায়মনা এছিয়া মহাদেশৰ ভিতৰতে আটাইতকৈ ঘন আপুৰুগীয়া শাল গছৰ ভাণ্ডাৰ৷ লগতে উদ্যানখনত বিভিন্ন প্ৰজাতিৰ পখিলা, সোণালী বান্দৰ, বনৰীয়া হাতী, নাহৰফুটুকী বাঘ, বনৰীয়া ম’হ আদি আছে৷
বিটিআৰৰ কোকৰাঝাৰ জিলাৰ গোসাইগাওঁ মহকুমাৰ কচুগাঁৱ বন সংমন্ডলৰ অন্তৰ্গত ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখন বিটিআৰৰ পৰ্যটন উদ্যোগ খণ্ডক বিশ্বৰ পৰ্যটন মানচিত্ৰ খনত সংযোজন হোৱাৰ লগে লগে সকলোৰে বাবে এক আশাৰ বতৰা কঢ়িয়াই আনিছে৷ ভূটানৰ পাদ দেশত সুন্দৰ প্ৰাকৃতিক পৰিৱেশেৰে আৱৰা ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখন ৪২২ বৰ্গ কিলোমিটাৰ এলেকা বিস্তৃত হৈ আছে৷ ৰায়ম’না এছিয়া মহাদেশৰ ভিতৰতে আটাইতকৈ ঘন আপুৰুগীয়া শাল গছৰ ভাণ্ডাৰ৷ লগতে উদ্যানখনত বিভিন্ন প্ৰজাতিৰ পখিলা, সোণালী বান্দৰ, বনৰীয়া হাতী, নাহৰফুটুকী বাঘ, বনৰীয়া ম’হ আদি আছে৷
ৰাষ্ট্ৰীয় উদ্যানখন উদ্বোধন কৰি বনমন্ত্ৰী পৰিমল শুক্ল বৈদ্যই ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানলৈ আন ৰাষ্ট্ৰীয় উদ্যানৰ পৰা জীৱ-জন্তু অনাৰ উপৰিও ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখনৰ আন্তঃগাঁথনি উন্নত কৰি সুন্দৰ পৰ্যটন থলী হিচাপে গঢ়ি তোলা হ'ব বুলিও মত ব্যক্ত কৰে৷ অনুষ্ঠানত উপস্থিত থকা বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই নেতাই ইচ্ছা কৰিলে সকলো কাম সঠিক সময়ৰ ভিতৰত কৰিব পাৰে বুলি মন্তব্য কৰে ৷
উল্লেখ্য যে মাথোঁ সাত মাহৰ ভিতৰত ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি লাভ কৰা ৰায়মনা উদ্যান জৈৱ বৈচিত্ৰ্যৰ ফালৰ পৰাও চহকী৷ ৭ কোটি ৯ লাখ টকা বিটিআৰৰ বন তথা পৰ্যটনৰ বিকাশৰ বাবে দিয়া হৈছে বুলি কয় প্ৰমোদ বড়োৱে।৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|