• Home
  • »
  • News
  • »
  • assam
  • »
  • Indian Railways : অসম-উত্তৰ পূবৰ ৰে'ল যাত্ৰীৰ বাবে সুখবৰ, বাতিল হোৱা এইসমূহ ৰে'ল আকৌ চলিব, চাওক লিষ্ট

Indian Railways : অসম-উত্তৰ পূবৰ ৰে'ল যাত্ৰীৰ বাবে সুখবৰ, বাতিল হোৱা এইসমূহ ৰে'ল আকৌ চলিব, চাওক লিষ্ট

Indian Railways : উত্তৰ-পূব ৰে'লৱেৰ অধীনত বাতিল হোৱা কেইবাখনো ৰে'ল পুনৰ চলাচল কৰিব। 

Indian Railways : উত্তৰ-পূব ৰে'লৱেৰ অধীনত বাতিল হোৱা কেইবাখনো ৰে'ল পুনৰ চলাচল কৰিব। 

Indian Railways : উত্তৰ-পূব ৰে'লৱেৰ অধীনত বাতিল হোৱা কেইবাখনো ৰে'ল পুনৰ চলাচল কৰিব। 

  • Share this:
ৰে'লৱে ((Railways)ৰ দ্বাৰা আলিপুৰদুৱাৰ মণ্ডলৰ কালাইগ্ৰাম-গুমানি হাট শাখাৰ মাজত নন-ইণ্টাৰলকিং ((Non Interlocking)) কাম চলি থকা বাবে কেইবাখনো ৰে'ল সেৱা বাতিল কৰা হৈছিল। আনহাতে একে কাৰণত কেইবাখনো ৰে'লৰ পথ পৰিৱৰ্তন কৰা হৈছিল। এতিয়া এই সকলো পথতে ৰে'লসমূহ চলাচল কৰোৱাৰৰ সিদ্ধান্ত লোৱা হৈছে। পিছে নন-ইণ্টাৰলকিঙৰ কাম আগতীয়াকৈ সম্পূৰ্ণ হোৱাৰ বাবে বাতিল আৰু পথ সলনি কৰা ৰে'লসমূহ পুনৰ নিয়মিতভাৱে চলাচল কৰিব। ইয়াৰ ফলত উত্তৰ-পূব ৰে'লৱেৰ অধীনত বাতিল হোৱা কেইবাখনো ৰে'ল পুনৰ চলাচল কৰিব।

উত্তৰ-পূব ৰে'লৱেৰ মুখপাত্ৰ পংকজ কুমাৰ সিঙে কয় যে দুখন ৰেলৰ চলাচল পুনৰ আৰম্ভ কৰা হৈছে। সেই অনুসৰি ৮ অক্টোবৰৰ পৰা নিৰ্ধাৰিত সময়ত আনন্দ বিহাৰ টাৰ্মিনাসৰ পৰা চলিব 05622 আনন্দ বিহাৰ টাৰ্মিনাস-কামাখ্যা স্পেচিয়েল ৰেল।  আনহাতে ৭ অক্টোবৰৰ পৰা কামাখ্যাৰ পৰা নিৰ্ধাৰিত সময়ৰ পৰা চলিব 05621 কামাখ্যা-আনন্দ বিহাৰ টাৰ্মিনাস স্পেচিয়েল ৰে'ল ইয়াৰ ।

উত্তৰ পশ্চিম ৰে'লৱেৰ অধীনত চলা আন ৪খন ৰেলৰ চলাচলো পুনৰ বাহাল কৰা হৈছে।

1. ৰে'ল নং 05623, ভগত কি কোঠি-কামাখ্যা স্পেচিয়েল ৰে'ল, ৫ অক্টোবৰত চলিব।

2. ৰে'ল নং 05624, কামাখ্যা-ভগত কি কোঠি স্পেচিয়েল ৰে'ল, ৪ অক্টোবৰত চলিব।

3. ৰে'ল নং 05633, বিকানেৰ-গুৱাহাটী স্পেচিয়েল ৰে'ল, ৬ অক্টোবৰত চলিব।

4. ৰে'ল নং 05634, গুৱাহাটী-বিকানেৰ স্পেচিয়েল ৰে'ল, ৯ অক্টোবৰত চলিব।
Published by:Manjumoni Borah
First published: