মুখ্যপৃষ্ঠা »খবৰ »অসম »Nagaon News : নগাঁৱৰ ম’হখুলিত শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৰে’ল বিভাগৰ কৰ্মচাৰীয়ে

Nagaon News : নগাঁৱৰ ম’হখুলিত শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৰে’ল বিভাগৰ কৰ্মচাৰীয়ে

আৰক্ষীয়ে টাটা ডিৱাই বাহনখনৰ চালক দ্বীপজ্যোতি বৰদলৈক আটক কৰিছে।

আৰক্ষীয়ে টাটা ডিৱাই বাহনখনৰ চালক দ্বীপজ্যোতি বৰদলৈক আটক কৰিছে।

আৰক্ষীয়ে টাটা ডিৱাই বাহনখনৰ চালক দ্বীপজ্যোতি বৰদলৈক আটক কৰিছে।

  • Share this:
নগাঁৱৰ ম’হখুলিত সোমবাৰে নিশা সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৰে’ল বিভাগৰ এগৰাকী কৰ্মচাৰীয়ে। ত্ৰৈলোক্য বৰদলৈ নামৰ ৰে’ল বিভাগৰ কৰ্মচাৰীগৰাকীয়ে AS 01 BV 2737 নম্বৰৰ এল্ট' বাহনখনৰে ৰূপহী ৰে’ল ষ্টেচনলৈ নগাঁৱৰ পৰা গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা আহি থকা AS 02 DC 0437 টাটা ডিৱাই বাহন এখনে তীব্ৰবেগত খুন্দা মৰাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ত্ৰৈলোক্য বৰদলৈক প্ৰথমে ম'হখুলিৰ নগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হয় যদিও তেওঁৰ অৱস্থা সংকটজনক হোৱাৰ বাবে নিশাই গুৱাহাটীলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে চিকিৎসকে।

পিছে গুৱাহাটীলৈ নিয়াৰ পথতে দুৰ্ভাগ্যজনকভাৱে মৃত্যুক সাবটি লয় বৰদলৈয়ে। আৰক্ষীয়ে টাটা ডিৱাই বাহনখনৰ চালক দ্বীপজ্যোতি বৰদলৈক আটক কৰিছে।

শেহতীয়া বাতৰি