ধনশিৰি মহকুমাৰ সৰুপথাৰ নগৰত চলিল ৰেল বিভাগৰ উচ্ছেদ অভিযান ৷ বুধবাৰে ধনশিৰি মহকুমা প্ৰশাসনৰ সহযোগত ৰেলবিভাগৰ লোক, ৰেল আৰক্ষী, অসম আৰক্ষীৰ লগতে SSB ৰ বৃহৎ বাহিনীৰ উপস্থিতিত ৰেল বিভাগৰ লোকে চলালে এই উচ্ছেদ অভিযান ৷
উল্লেখযোগ্য সৰ্বমুঠ ১৬৫ টা ঘৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত চলিল ৰেল বিভাগৰ বুলডজাৰ ৷ ইফালে পূৰ্বৰে পৰা এই উচ্ছেদত সহযোগিতা কৰা দেখা গ’ল সৰুপথাৰবাসীক ৷ আনহাতে, সৰুপথাৰ ৰেল ষ্টেচনক অমৃত ভাৰত আঁচনিৰ অধীনত ইতিমধ্যে মডেল ষ্টেচন হিচাপে ঘোষণা কৰিছে ৷ যাৰবাবে ৰেলবিভাগক এই উচ্ছেদ অভিযান চলোৱা পৰিলক্ষিত হয় ৷ উচ্ছেদৰ পিছতে আৰম্ভ হব মডেল ৰে’ল ষ্টেচনৰ প্ৰাৰম্ভিক কাম।
সৰুপথাৰত হব উন্নয়ন,হব আদৰ্শ ৰেলৱে ষ্টেচন । সৰুপথাৰ নগৰৰ ৰেলৱে ভূমিত যুগ যুগ ধৰি ব্যৱসায় কৰি থকা ব্যৱসায়ীসকলৰ দোকানসমূহ ভাঙি পেলোৱাত শোকত ভাঙি পৰিছে ব্যৱসায়ীসকল। যুগ যুগ ধৰি ৰেলৱে ভূমিত দোকান দি পৰিয়াল পোহ=পাল দি আছিল ব্যৱসায়ীসকলে। বহুলোকে সেই স্থানত নিজৰ শৈশৱ পাৰ কৰিছিল। এতিয়া ৰে’লৱে বিভাগৰ উন্নয়ৰ স্বাৰ্থত সেই মধুৰ স্মৃতি জড়িত স্থান খালী কৰিব লগা হোৱাত শোকত ভাঙি পৰিছে। পোৱা ১০.৩০ পৰা চলিছে উচ্ছেদ অভিযান। আচলতে, বহু স্মৃতি বিজড়িত হৈ থকা ব্যৱসায়ী প্রতিষ্ঠানৰ গৰাকীসমূহ দুখত ভাগি পৰা দেখা গৈছে ।
- First Published :