কাতিমহীয়া বানত ব্যাহত ৰে’লৰ চলাচল, ফৰকাটিঙত ৰে’লযাত্ৰীৰ হাহাকাৰ

ধনশিৰি নদীৰ বাঢ়নী পানীত বোকাজান আৰু চুঙাজানৰ মাজত অৱস্থিত ৰে’লপথৰ B–283 নম্বৰৰ দলংখনৰ ওপৰৰে পানী বৈ যোৱাৰ ফলত উজনি–নামনিৰ মাজত ব্যাহত হৈ পৰে ৰে’লৰ চলাচল।

News18-Assam
Updated:October 28, 2019, 9:11 AM IST
কাতিমহীয়া বানত ব্যাহত ৰে’লৰ চলাচল, ফৰকাটিঙত ৰে’লযাত্ৰীৰ হাহাকাৰ
ধনশিৰি নদীৰ বাঢ়নী পানীত বোকাজান আৰু চুঙাজানৰ মাজত অৱস্থিত ৰে’লপথৰ B–283 নম্বৰৰ দলংখনৰ ওপৰৰে পানী বৈ যোৱাৰ ফলত উজনি–নামনিৰ মাজত ব্যাহত হৈ পৰে ৰে’লৰ চলাচল।
News18-Assam
Updated: October 28, 2019, 9:11 AM IST
গোলাঘাটৰ ফৰকাটিঙত নিশা ৰে’লযাত্ৰীৰ হাহাকাৰ। ধনশিৰি নদীৰ বাঢ়নী পানীত সৃষ্টি হয় আৱতৰীয়া বানৰ। বানপানীৰ বাবেই বহু ঠাইত আবদ্ধ হৈ পৰে যাত্ৰীবাহী ৰে’ল। ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৰে’লযাত্ৰীসকলৰ মাজত। ধনশিৰি নদীৰ বাঢ়নী পানীত বোকাজান আৰু চুঙাজানৰ মাজত অৱস্থিত ৰে’লপথৰ B–283 নম্বৰৰ দলংখনৰ ওপৰৰে পানী বৈ যোৱাৰ ফলত উজনি–নামনিৰ মাজত ব্যাহত হৈ পৰে ৰে’লৰ চলাচল।

ফৰকাটিঙত লিডু-গুৱাহাটী ইণ্টাৰচিটী এক্সপ্ৰেছ আৱদ্ধ হৈ পৰাত নিশা হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় ৰে’লযাত্ৰী সকলৰ মাজত। দীৰ্ঘসময় যাত্ৰীবাহী ৰে’ল কিয় ৰখাই থোৱা হৈছে এই বিষয়ে ৰে’ল কৰ্তৃপক্ষই যাত্ৰীসকলক অৱগত নকৰাত ক্ষোভিত হৈ পৰে যাত্ৰীসকল।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি