দীৰ্ঘ বিৰতিৰ অন্তত গুৱাহাটী আৰু যোৰহাটৰ মাজত ৰে’ল সেৱা আৰম্ভ, সলনি হ’ল সময়সূচী

News18 Assam | News18-Assam
Updated:August 17, 2020, 12:39 PM IST
দীৰ্ঘ বিৰতিৰ অন্তত গুৱাহাটী আৰু যোৰহাটৰ মাজত ৰে’ল সেৱা আৰম্ভ, সলনি হ’ল সময়সূচী
বহু দিনৰ বিৰতিৰ পিছত কৰ্তৃপক্ষই গুৱাহাটী আৰু যোৰহাটৰ মাজত চলাচল কৰা জনশতাব্দী এক্সপেছ পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

বহু দিনৰ বিৰতিৰ পিছত কৰ্তৃপক্ষই গুৱাহাটী আৰু যোৰহাটৰ মাজত চলাচল কৰা জনশতাব্দী এক্সপেছ পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

  • Share this:
ৰাজ্য চৰকাৰে আনলকৰ ক্ষেত্ৰত নীতি–নিয়ম সোমবাৰৰ পৰা শিথিল কৰাৰ পিছতে উত্তৰ–পূব সীমান্ত ৰে’লৱেই ৰে’ল চলাচল কৰাৰ সিদ্ধান্ত হাতত লৈছে। বহু দিনৰ বিৰতিৰ পিছত কৰ্তৃপক্ষই গুৱাহাটী আৰু যোৰহাটৰ মাজত চলাচল কৰা জনশতাব্দী এক্সপ্ৰেছ পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ জনসম্পর্কৰক্ষী বিষয়া নৃপেন্দ্র ভট্টাচার্যই জানিবলৈ দিয়া মতে, নতুন সূচী অনুসৰি এতিয়া ০২০৬৭/০২০৬৮ গুৱাহাটী–যোৰহাট টাউন–গুৱাহাটী জনশতাব্দী বিশেষ ৰে’লখন সোমবাৰৰ পৰা শুকুৰবাৰলৈ পাঁচ দিন চলাচল কৰিব৷ আজি পুৱা ৬.৩০ বজাত গুৱাহাটীৰ পৰা যাত্রা আৰম্ভ কৰা ৰে’লখন দুপৰীয়া ডেৰ বজাত গৈ যোৰহাট পাব৷ তেনেদৰে বিয়লি ২.৩০বজাত ৰে’লখন পুনৰ গুৱাহাটীলৈ উভতি আহিব৷

ৰাজ্য চৰকাৰে শনিবাৰ আৰু দেওবাৰ সাপ্তাহিক বন্ধ ঘোষণা কৰাৰ বাবে এতিয়া ৰে’লখন পাঁচদিন চলাচল কৰিব৷ আনহাতে,ৰাজ্য ভিতৰত চলা আন আন ৰে’লসমূহ কেতিয়া চলিব, তাৰ কোনো সিদ্ধান্ত লোৱা নাই এন এফ ৰে’লৱেই। অৱশ্যে বহিঃৰাজ্যৰ পৰা আৰু ৰাজ্যৰ পৰা ৰাজধানী এক্সপ্ৰেছকে ধৰি আন আন বিশেষ ৰে’লসমূহ অহা–যোৱা চলি আছে।
Published by: Sanjay Kumar Das
First published: August 17, 2020, 12:38 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি