ৰে’ল মানচিত্ৰত অন্তৰ্ভুক্ত হ’ব নদীদ্বীপ মাজুলী। ইতিমধ্যে ৰে’ল মন্ত্ৰণালয়ে মাজুলীক কিদৰে ৰে’লপথেৰে সংযোগ কৰিব পাৰি তাক লৈ আৰম্ভ কৰিছে জৰীপ। ৰে’লৱে ব’ৰ্ডৰ সদস্য মুকেশ কুমাৰে প্ৰকাশ কৰা মতে, নদীদ্বীপটোলৈ ৰে’লপথ নিৰ্মাণ কৰিবৰ বাবে প্ৰাথমিকভাৱে দুটা পথৰ প্ৰস্তাৱ হাতত লোৱা হৈছে। সেই অনুসৰি গোগামুখ–ঢকুৱাখনা–কমলাবাৰী–গড়মূৰ হৈ যোৰহাটলৈকে এটা পথ আৰু হাৰমতীৰ পৰা বিহপুৰীয়া হৈ মাজুলী সংযোগ কৰা এটা ৰে’লপথ নিৰ্মাণৰ জৰীপ চলোৱা হৈছে।
প্ৰায় ১০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ গোগামুখ–ঢকুৱাখনা–কমলাবাৰী–গড়মূৰ হৈ যোৰহাটলৈ নিৰ্মাণ কৰিবলগীয়া পথটোৰ জৰীপৰ বাবে ২০১৭–১৮ বৰ্ষৰ বাজেটতে ধন অনুমোদন জনোৱা হৈছে। আনহাতে, ৩৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ হাৰমতীৰ পৰা বিহপুৰীয়া হৈ মাজুলীক সংযোগ কৰিবলগীয়া পথটোৰ জৰীপৰ বাবে ধন অনুমোদন জনোৱা হৈছিল ২০১৭ৰ ২১ ফেব্ৰুৱাৰীত। ইতিমধ্যে এই পথটোৰ জৰীপ সমাপ্ত হৈছে আৰু ৰে’লৱে ব’ৰ্ডে ইয়াৰ প্ৰতিবেদনো লাভ কৰিছে।
আনহাতে গোগামুখ–ঢকুৱাখনা–কমলাবাৰী–গড়মূৰ হৈ যোৰহাটলৈ নিৰ্মাণ কৰিবলগীয়া পথটোৰ জৰীপৰ প্ৰতিবেদন চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ ভিতৰত ৰে’লৱে ব’ৰ্ডে লাভ কৰিব বুলি আশা কৰা হৈছে। জৰীপৰ প্ৰতিবেদন চালি–জাৰি চোৱাৰ পিছতহে পথ দুটা নিৰ্মাণৰ ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব বুলি প্ৰকাশ কৰিছে সদস্যগৰাকীয়ে। ‘দৈনিক জনমভূমি’ কাকতত প্ৰকাশ পাইছে এই খবৰ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|