নেছ’ৰ অসম বন্ধত স্তব্ধ উজনি–নামনি। ৰাজ্যজুৰি বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিলক্ষিত হৈছে। যান–বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে ৰাজ্যজুৰি। আনহাতে, ৰাজ্যৰ বিভিন্ন স্থানত বন্ধ সমৰ্থকে অৱৰোধ কৰিছে ৰে’ল। কলিয়াবৰৰ শিলঘাটত ৰে’ল অৱৰোধ। অৰ্ধশতাধিক প্ৰতিবাদকাৰীয়ে অৱৰোধ কৰে নামনিমুৱা শিলঘাট–গুৱাহাটী পেছেঞ্জাৰ ৰে’ল। এঘণ্টাৰ বাবে ৰে’লপথ অৱৰোধ কৰে প্ৰতিবাদকাৰীসকলে।
ঢেকীয়াজুলিৰ হুগ্ৰাজুলি ৰে’ল ষ্টেচনত আছু, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আছা, পশ্চিম ঢেকীয়াজুলি যৌথ মঞ্চ আৰু ৰাইজে CABৰ বিৰোধিতাৰে অৱৰোধ কৰে ৰে’লপথ। প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ।
আনহাতে, বন্ধৰ সময়ছোৱাত ওদালগুৰি জিলাৰ টংলাত টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰে’ল অৱৰোধ কৰে। পুৱা ৭ বজাৰ পৰা টংলা ষ্টেচনত ইণ্টাৰচিটী ৰে’ল অৱৰোধ কৰি ৰাখে। অৱৰোধস্থলীত বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তোলে পৰিৱেশ।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : December 10, 2019, 12:18 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।