সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ আহ্বানত যুৱ-ছাত্ৰ আৰু মহিলা সন্মিলনীৰ সহযোগত কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবীত আজি শিৱসাগৰ জিলাৰ শিমলুগুৰিত হাজাৰ হাজাৰ লোকে ৰে'ল অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে৷
শিমলুগুৰি ৰে'লগেটত হাজাৰ হাজাৰ লোক ওলাই আহি কোচ ৰাজবংশীসকলক অতি সোনকালে জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ প্ৰতিবাদত নো এছ টি নো ৰেষ্ট, এছ টি আমাৰ প্ৰাপ্য, সদৌ কোচ ৰাজবংশী যুব ছাত্ৰ সন্মিলনী জিন্দাবাদ আদি শ্লোগ্নানেৰে ৰে'লপথ অৱৰোধ কৰি প্ৰতিবাদ কৰে।
অসমৰ কোচ ৰাজবংশীসকলক প্ৰতিবাৰে জনজাতিকৰণৰ নামত চৰকাৰে প্ৰতাৰণা কৰি আহিছে। যদিহে নিৰ্বাচনৰ আগে আগে শীঘ্ৰে চৰকাৰে কোচ ৰাজবংশীসকলক জনজাতিৰ মৰ্যাদা প্ৰদান নকৰে, ইয়াৰ প্ৰত্যুত্তৰ কোচ ৰাজবংশী ৰাইজে ৰাজনৈতিকভাৱে দিব বুলি প্ৰকাশ কৰে সদৌ কোচ ৰাজবংশী সন্মিলনীৰ বিষয়ববীয়াসকলে৷
লগতে জনজাতিৰ মৰ্যাদা প্ৰদান নকৰা পৰ্যন্ত ৰাজপথ-ৰে'লপথ অৱৰোধ আদি প্ৰতিবাদী কাৰ্যসূচী কৰি যাব বুলি জানিবলৈ দিয়ে ৷ আনহাতে আৰক্ষীয়ে এই প্ৰতিবাদত বাধা প্ৰদান কৰাৰ লগতে প্ৰতিবাদ কৰিবলৈ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকক আধা ৰাস্তাৰ পৰাই ওভতাই পঠিয়ায়৷
Published by: Gautam Barman
FIRST PUBLISHED : November 17, 2022, 20:47 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।