‘ভুৱা ৰাজসাক্ষীৰে অখিলক ভৰাই থোৱা হৈছে কাৰাগাৰত, মাওবাদীৰ ভূতে খেদিছে বিজেপি চৰকাৰক’

৭ জানুৱাৰীত গুৱাহাটী উচ্চ ন়্যায়ালয়ৰ দুজন সন্মানীয় ন্যায়াধীশে প্ৰদান কৰা ৰায়ত অসন্তুষ্ট সদ্যগঠিত ৰাজনৈতিক দল ৰাইজৰ দল৷
৭ জানুৱাৰীত গুৱাহাটী উচ্চ ন়্যায়ালয়ৰ দুজন সন্মানীয় ন্যায়াধীশে প্ৰদান কৰা ৰায়ত অসন্তুষ্ট সদ্যগঠিত ৰাজনৈতিক দল ৰাইজৰ দল৷
- News18 Assam
- Last Updated: January 11, 2021, 3:54 PM IST
সংবাদমেলত ৰাইজৰ দলে স্পষ্ট কৰি দিয়ে যে অখিল গগৈৰ জামিন নাকচ কৰি দিয়া ৰায়ত অনেক ত্ৰুটি ৰৈ গৈছে। অখিল গগৈ গ্ৰেপ্তাৰ হোৱা একেই গোচৰৰ ধাৰাতে গ্ৰেপ্তাৰ হোৱা ধৈৰ্য কোঁৱৰ, বিতুল সোণোৱাল আৰু মানস কোঁৱৰে ইতিমধ্যে জামিন লাভ কৰিছে৷ সেয়ে সাদৃশ্যতাৰ ভিত্তিত অখিল গগৈকো জামিন দিব লাগে বুলি যুক্তি প্ৰদৰ্শন কৰিছিল অখিল গগৈৰ অধিবক্তাই৷ কিন্তু আশ্বৰ্যজনকভাৱে আদালতৰ ৰায়ত সেই ক্ষেত্ৰত পেৰাগ্ৰাফ ৪ত কোৱা হৈছে যে আন ৩জন অভিযুক্তও এতিয়া কেন্দ্ৰীয় কাৰাগাৰত ন্যায়িক জিম্মাত আছে৷ ব্যক্তিগত স্বাধীনতাৰ এটা বিষয়ত উচ্চ ন্যায়ালয়ৰ দুজন ন্যায়াধীশৰ এনে দৃষ্টিকটু ত্ৰুটি সঁচাকৈয়ে অতি তাৎপৰ্যপূৰ্ণ বুলি মন্তব্য আগবঢ়াই ৰাইজৰ দলৰ হৈ দুয়োগৰাকী নেতাই৷
ৰাইজৰ দলৰ অভিযোগ, ভুৱা ৰাজসাক্ষীৰে অখিলক ভৰাই থোৱা হৈছে কাৰাগাৰত৷ মাওবাদীৰ ভূতে এতিয়া খেদি ফুৰিছে বিজেপি চৰকাৰক৷ সংবাদমেলত কোৱা হয় যে ৰাইজৰ দলে অচিৰেই অখিল গগৈৰ জামিনৰ বাবে উচ্চতম ন্যায়ালয়ত উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাব আৰু উচ্চতম ন্যায়ালয়ে গণতন্ত্ৰৰ পক্ষত ৰায় দি অখিল গগৈক অনতিপলমে জামিন প্ৰদান কৰিব৷