অহা ৩০ অক্টোবৰত ৰাজ্যত অনুষ্ঠিত হ'ব পাঁচটা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচন। উপ নিৰ্বাচনত বিজেপিক পৰাস্ত কৰিবলৈ কঁকালত টঙালি বান্ধিছে ৰাইজৰ দলে।
অহা ৩০ অক্টোবৰত ৰাজ্যত অনুষ্ঠিত হ'ব পাঁচটা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচন। উপ নিৰ্বাচনত বিজেপিক পৰাস্ত কৰিবলৈ কঁকালত টঙালি বান্ধিছে ৰাইজৰ দলে।
ৰাজ্যত বলিবলৈ আৰম্ভ কৰিছে উপ নিৰ্বাচনৰ বতাহ। অহা ৩০ অক্টোবৰত ৰাজ্যত অনুষ্ঠিত হ'ব পাঁচটা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচন। উপ নিৰ্বাচনত বিজেপিক পৰাস্ত কৰিবলৈ কঁকালত টঙালি বান্ধিছে ৰাইজৰ দলে। কংগ্ৰেছক মিত্ৰতাৰ প্ৰস্তাৱ দি উজুটি খোৱা অখিল গগৈৰ ৰাইজৰ দলে অৱশেষত দুটা সমষ্টিত প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
বুধবাৰে সংবাদমেল সম্বোধন কৰি অখিল গগৈয়ে কয় য়ে, 'দুটা সমষ্টিত প্ৰাৰ্থী দিব ৰাইজৰ দলে। থাওৰাত প্ৰতিদ্বন্দিতা কৰিব ধৈয্য কোঁৱৰে। মৰিয়নিতো প্ৰাৰ্থী দিব ৰাইজৰ দলে। কাইলৈ মৰিয়নী প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হ'ব। বিজেপি বিৰোধী ঐক্যবদ্ধভাবে প্ৰাৰ্থী থিয় কৰাৰ বাবে অপেক্ষা কৰি আছিলো। কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ লগত আমি কথা পাতিছিলো। তেওঁলোকক স্পষ্টকৈ কোৱা হৈছিল সকলো একেলগ হৈ বিজেপিক পাৰজিত কৰিব লাগিব। আশা কৰা হৈছিল, আমি ঐক্যবদ্ধ হৈ নিৰ্বাচনত অৱৰ্তীন হ'ম। কংগ্ৰেছ দল আমাৰ পক্ষত নাই।'
অখিল গগৈয়ে লগতে কয় যে,' বিজপি দলক পৰাজিত কৰাৰ বাবে আমি পাঁচটাৰ ভিতৰত দুটা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিব ৰাইজৰ দলে। পাঁচটা সমষ্টিত প্ৰাৰ্থী দিয়াৰ বাবে আমাৰ প্ৰাৰ্থী আছে। পাঁচটা সমষ্টিত আমি ফল দেখুৱাব পাৰো। উপ নিৰ্বাচনত বিজেপিক শিক্ষা দিব নোৱাৰিলে নহ'ব। কংগ্ৰেছৰ ভুল নীতি আৰু সম্প্ৰদায়িক শক্তি এ আই ইউ ডি এফক লোৱাৰ বাবে ভাল ফল নহ'ল। যোৱাবাৰৰ নিচিনা এইবাৰো আমাক বিশ্বাসঘাটকতা কৰিলে।'
'সভাপতি ভূপেন বৰাৰ স্পষ্টকৈ কৈছিল, ছটা সমষ্টিতে নিৰ্বাচন চলিব বিচাৰে কংগ্ৰেছে। সভাপতিৰ কথাৰ পৰা স্পষ্ট হৈছিল যে তেওঁলোকে পৰাজিত স্বিকাৰ কৰিছে। থাওৰা ৰাইজে সুশান্ত বৰগোহাঁইক পৰাস্ত কৰিবলৈ সাজু হৈছে। চাৰিজন মন্ত্ৰী উপস্থিত থকাৰ পিছতো ৰাইজৰ বিজেপিৰ প্ৰতি কোনো ধৰণৰ আগ্ৰহ নাই। একে ঘটনা মাৰিয়নিৰ ক্ষেত্ৰতো হৈছে।দুয়োটা সমষ্টিত বিজেপিৰ অৱস্থা বেয়া। ৰাইজে সম্পূৰ্ণৰূপে ৰাইজৰ দলত সমৰ্থন কৰিছে।কোনো মানুহে বিজেপিক সহায় কৰিবলৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব নালাগে। কংগ্ৰেছৰ ক'ৰ্টত এতিয়া বল, যদি দুয়োটা সমষ্টি এৰি দিয়ে তেন্তে বিজেপি পৰাভূত হ'ব। যদি এই দুয়োটা সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থী দিয়ে তেন্তে বাকী সমষ্টিটো কংগ্ৰেছৰ বিৰুদ্ধে প্ৰচাৰ কৰিব, যদি এৰি দিয়ে তেন্তে সহায় কৰিব।'- সংবাদমেলত এনেদৰেও কয় অখিল গগৈয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|