ৰাজ্যত উদ্বেগজনক হাৰত বৃদ্ধি পাইছে দ্ৰব্যমূল্য। প্ৰতিদিনে হোৰাহোৰে বৃদ্ধি পাইছে নিত্যপ্ৰয়োজনীয় সামগ্ৰীৰ মূল্য। এই অস্বাভাৱিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে আজি ৰাইজৰ দলৰ হাইলাকান্দি জিলা সমিতিয়ে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। বুধবাৰে ৰাইজৰ দলৰ কৰ্মীসকলে হাইলাকান্দি চহৰখনৰ পুৰণি চিকিৎসালয় চাৰিআলিৰ পৰা এক প্ৰতিবাদী সমদল উলিয়াই জিলা উপায়ুক্ত কাৰ্যালয়লৈ ৰাওনা হয়। দলটোৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক জাহিৰ উদ্দিন লস্কৰৰ নেতৃত্বত শ শ প্ৰতিবাদকাৰীয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে।
অৱশ্যে, জিলা উপায়ুক্ত কাৰ্যালয়লৈ অহাৰ আগতেই, এক বৃহৎ আৰক্ষী–চিআৰপিএফ বাহিনীয়ে তেওঁলোকৰ সমদল বন্ধ কৰি দিয়ে। কিন্তু প্ৰতিবাদকাৰীসকল ইয়াতে ক্ষান্ত নহৈ ৰাজপথত থিয় হৈ শ্লোগান অব্যাহত ৰাখে। পিছতে জিলা প্ৰশাসনৰ পৰা এগৰাকী কাৰ্যবাহী দণ্ডাধীশ প্ৰতিবাদস্থলীত উপস্থিত হৈ তেওঁলোকৰ স্মাৰকপত্ৰ গ্ৰহন কৰাৰ পিছতে ক্ষান্ত হয় প্ৰতিবাদকাৰীসকল।
আনহাতে, দলৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক জহিৰ উদ্দিন লস্কৰে পিছতে সংবাদ মাধ্যমৰ আগতে মত প্ৰকাশ কৰি কয়, কোভিড আৰু লকডাউনত খহি পৰা ৰাজ্যখনৰ অৰ্থনীতি এতিয়াও স্বাভাৱিক হোৱা নাই। গাঁৱৰ দৰিদ্ৰ কৃষকসকলৰ অৱস্থা যিদৰে খহি পৰিছে, ঠিক তেনেদৰে ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা মধ্যবৃত্তলৈকে প্ৰতিটো শ্ৰেণীৰ লোক আৰ্থিকভাৱে অতি দুৰ্বল হৈ পৰিছে। এই সময়ত ৰাজ্যখনৰ জনসাধাৰণৰ ওপৰত মূল্যবৃদ্ধিৰ বোজা পেলোৱাটো চৰকাৰ উচিত হোৱা নাই।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|