உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বিজেপিৰ পদুমৰ সৈতে সাপ আহিছে, সেই সাপে ৰাইজক খুটিছে – ক’লে বিধায়ক অখিল গগৈয়ে

    বিজেপিৰ পদুমৰ সৈতে সাপ আহিছে, সেই সাপে ৰাইজক খুটিছে – ক’লে বিধায়ক অখিল গগৈয়ে

    File Photo

    File Photo

    মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা চৰকাৰখনে পদত্যাগ কৰাৰ দাবী তুলি আজি ৰাইজৰ দলে গুৱাহাটী ক্লাবত সাব্যস্ত কৰিলে প্ৰতিবাদ।

    • Share this:
    বিজেপিৰ পদুম ফুলৰ সৈতে সাপ আহিছে। সেই সাপে সকলো ফালৰ পৰা ৰাইজক খুটিছে। এই মন্তব্য ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ।

    মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা চৰকাৰখনে পদত্যাগ কৰাৰ দাবী তুলি আজি ৰাইজৰ দলে গুৱাহাটী ক্লাবত সাব্যস্ত কৰিলে প্ৰতিবাদ। আজিৰে পৰা এমাহজোৰা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ ৰাইজৰ দলৰ। মূল্যবৃদ্ধি ৰোধ নকৰিলে বৃহৎ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দলটোৰ।

    ‘কা’ সন্দৰ্ভত অখিল গগৈয়ে কয়, জধে–মধে ‘কা’ জাপি দিব নোৱাৰিব আমাৰ ওপৰত। অমিত শ্বাহ, নৰেন্দ্ৰ মোদী নালাগে ভগৱান আহিলেও আমাৰ ওপৰত ‘কা’ জাপি দিব নোৱাৰিব। কাৰ বিৰুদ্ধে আমাৰ প্ৰতিবাদ অব্যাহত আছে আৰু থাকিব।
    Published by:Sanjay Kumar Das
    First published: