ৰাজ্যিক কংগেছে চিঞৰ–বাখৰ কৰি থাকিলেও ৰাহুল গান্ধীৰ পৰা সেউজ সংকেত লৈ দিল্লীৰ পৰা উভতি আহিল ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। ৰাজ্যিক কংগ্ৰেছে বিৰূপ মন্তব্য কৰিলেও অখিল গগৈয়ে ৰাহুল গান্ধীৰ পৰা পাইছে সেউজ সংকেত। বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত AIUDFক বাদ দি সকলো দলৰে মিত্ৰতা বিচাৰে অখিল গগৈয়ে।
ৰাজ্যিক কংগেছে চিঞৰ–বাখৰ কৰি থাকিলেও ৰাহুল গান্ধীৰ পৰা সেউজ সংকেত লৈ দিল্লীৰ পৰা উভতিল ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। পূৰ্বে মিত্ৰতাৰ নামত প্ৰতাৰণা কৰি কংগ্ৰেছে ৰাইজৰ দলক দোষ জাপি দিয়াৰ সুযোগ এইবাৰ অখিল বাহিনীয়ে নিদিয়ে বুলি মন্তব্য কৰি ৰাজ্যিক আৰু কেলো পৰ্যায়ৰ নেতাৰে আ
ন্দ্ৰীয় সকলোচনাত মিলিত হৈছে বুলি কয় অখিল গগৈয়ে। শুকুৰবাৰে দুপৰীয়া দিল্লীৰ পৰা উভতি আহি বৰঝাৰ বিমানবন্দৰত এই দৰে মন্তব্য কৰিলে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে।আনহাতে, তৃণমূল কংগেছে ৰাজ্যিক পৰ্যায়ৰ সভাপতি পদৰ প্ৰস্তাৱ আগবঢ়াইছিল যদিও সেয়া এতিয়াও সিদ্ধান্ত হোৱা নাই বুলি কয় অখিল গগৈয়ে। আনহাতে, আগন্তুক উপ–নিৰ্বাচনত কংগ্ৰেছৰ সৈতে মিত্ৰতা নহ’লে ৰাইজৰ দলে ৬তা সমষ্টিতে নিজাববীয়াকৈ প্ৰাৰ্থী দিব। লুৰিনজ্যোতি গগৈক বিধানসভাৰ মজিয়াত বিচাৰি প্ৰয়োজনত ৰাইজৰ দলে সহায় কৰিব বুলিও মন্তব্য কৰিলে অখিল গগৈয়ে।
এতিয়া ৰাহুল গান্ধীয়ে মিত্ৰতা সন্দৰ্ভত সেউজ সংকেত দিলেও ভূপেন বৰাই অখিল গগৈৰ ওপৰত ক্ষুণ্ণ হৈ থকাৰ পিছত মিত্ৰতা কোন দিশে আগবাঢ়ে সেয়া লক্ষণীয় হ’ব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|