অখিল গগৈৰ অভিযোগ, বিজেপিয়ে কেৱল থাওৰা সমষ্টিতে ৫০ কোটি টকা ব্যয় কৰিছে।ৰাইজৰ দলৰ কৰ্মীকো মাৰপিট কৰাৰ অভিযোগ গগৈৰ।
অখিল গগৈৰ অভিযোগ, বিজেপিয়ে কেৱল থাওৰা সমষ্টিতে ৫০ কোটি টকা ব্যয় কৰিছে।ৰাইজৰ দলৰ কৰ্মীকো মাৰপিট কৰাৰ অভিযোগ গগৈৰ।
৫ সমষ্টিৰ উপ–নিৰ্বাচনৰ অন্তত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ প্ৰতিক্ৰিয়া। ভোটদান কৰা ৫ সমষ্টিৰ ভোটাৰক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন অখিল গগৈৰ। থাওৰা আৰু মৰিয়নীত নিৰ্বাচন খেলি সুখী বুলি মন্তব্য অখিল গগৈৰ। এই নিৰ্বাচনত ৰাইজৰ দলে বিজেপিক প্ৰকৃত প্ৰত্যাহ্বান জনাবলৈ সমৰ্থ হ’ল বুলি প্ৰকাশ ৰাইজৰ দলৰ সভাপতিগৰাকীৰ।
‘‘পূৰ্বে কংগ্ৰেছ আৰু সোপাঢিলা ৰাজনীতিৰ সন্মুখত বিজেপিয়ে দাদাগিৰি কৰি আহিছিল।এইবাৰ ৰাইজৰ দলে বিজেপিৰ মন্ত্ৰী-বিধায়কৰ চেহেৰা সলনি কৰি দিছে। বিজেপি ৰ ২০জন বিধায়ক এতিয়াও থাওৰা সমষ্টিতে বাহৰ পাতি আছে।’’ – মন্তব্য অখিল গগৈৰ।
অখিল গগৈৰ অভিযোগ, বিজেপিয়ে কেৱল থাওৰা সমষ্টিতে ৫০ কোটি টকা ব্যয় কৰিছে।ৰাইজৰ দলৰ কৰ্মীকো মাৰপিট কৰাৰ অভিযোগ গগৈৰ। ইমানৰ পিছতো বিজেপিয়ে ভয় খাই আছে পৰাজয়ৰ। মাত্ৰ ছমাহ নৌহওঁতেই বিজেপিয়ে প্ৰত্যাহবানৰ সন্মুখীন হোৱাটো ৰাজ্যৰ ৰাজনীতিৰ বাবে তাৎপৰ্যপূৰ্ণ বুলি কয় অখিল গগৈয়ে।
অখিল গগৈয়ে ক’লে, বিৰোধী শিবিৰ বহুধাবিভক্ত হোৱাৰ পিছতো প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হ’ল গেৰুৱা দল। আনহাতে, কংগ্ৰেছৰে মিত্ৰতা সন্দৰ্ভত অখিল গগৈৰ – ‘‘মন্তব্য কংগ্ৰেছ ডাষ্টবিন। নিঃশেষ হোৱাৰ দিশে কংগ্ৰেছ।’’
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|