உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ‘নিৰ্বাচনৰ পূৰ্বে কৰা ঘোষণা ৰাখিব নোৱাৰিলে মুখ্যমন্ত্ৰীয়ে, মাইক্ৰ’ ফাইনেন্সৰ ঋণ লোৱা মহিলাসকলক ঠগিলে’ – সংবাদমেলত মন্তব্য অখিল গগৈৰ

    ‘নিৰ্বাচনৰ পূৰ্বে কৰা ঘোষণা ৰাখিব নোৱাৰিলে মুখ্যমন্ত্ৰীয়ে, মাইক্ৰ’ ফাইনেন্সৰ ঋণ লোৱা মহিলাসকলক ঠগিলে’ – সংবাদমেলত মন্তব্য অখিল গগৈৰ

    ধেমাজিৰ কেবিনেটত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকৃত স্বৰূপটো ওলাই পৰিল বুলি উল্লেখ কৰি অখিল গগৈয়ে কয়, মাইক্ৰো ফাইনেন্স কট্ৰোল আইনখন চৰকাৰে কিয় কাৰ্যকৰী নকৰিলে?

    • Share this:
    ‘‘মুখ্যমন্ত্ৰীয়ে মাইক্ৰ’ ফাইনেন্সৰ ঋণ লোৱা মহিলাসকলক ঠগিলে। মুখ্যমন্ত্ৰীয়ে প্ৰৱঞ্চনা, প্ৰতাৰণা আৰু বিশ্বাসঘাতকতা কৰিছে। নিৰ্বাচনৰ পূৰ্বে কৰা ঘোষণা ৰাখিব নোৱাৰিলে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে আচলতে সকলোকে ঋণ মাফ কৰিব বিচৰা নাই। ১২ হাজাৰ ৫০০ কোটিৰ ঋণ মাফ কৰিম বুলিকৈ এতিয়া ১৮০০ কোটিৰহে ঋণ মাফ কৰি বিচাৰিছে চৰকাৰে।’’ – সংবাদ মেলত এই মন্তব্য ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ।

    ধেমাজিৰ কেবিনেটত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকৃত স্বৰূপটো ওলাই পৰিল বুলি উল্লেখ কৰি অখিল গগৈয়ে কয়, মাইক্ৰো ফাইনেন্স কট্ৰোল আইনখন চৰকাৰে কিয় কাৰ্যকৰী নকৰিলে?বিজেপিয়ে নিৰ্বাচনৰ সময়ত মাইক্ৰ’ ফাইনেন্স কোম্পানীৰ পৰা বৰঙণি লৈছিল, সেয়ে এতিয়া ৰেহাই দিব বিচাৰিছে। মাইক্ৰ’ ফাইনেন্স কোম্পানীৰ পক্ষত চৰকাৰে কাম কৰিছে।

    সংবাদ মেলত শ্বেৰমান আলীক ধিক্কাৰ দিয়ে অখিল গগৈয়। শ্বেৰমানক কংগ্ৰেছে শাস্তি প্ৰদান কৰিব লাগে বুলি মন্তব্য কৰে বিধায়কজনে। উপ–নিৰ্বাচনৰ বাবে সাজুও সংবাদমেলত ক’লে অখিল গগৈয়ে।
    Published by:Sanjay Kumar Das
    First published: