‘বিজেপিৰ  মিছন ১০০ৰ পৰা শূন্য এটা কটা যাব, অখিল গগৈ অসমৰ মুখ্যমন্ত্ৰী হৈ জে’লৰ পৰা ওলাই আহিব’

News18 Assam | News18-Assam
Updated:February 26, 2021, 8:01 PM IST
‘বিজেপিৰ  মিছন ১০০ৰ পৰা শূন্য এটা কটা যাব, অখিল গগৈ অসমৰ মুখ্যমন্ত্ৰী হৈ জে’লৰ পৰা ওলাই আহিব’
সমাৱেশত কমল কুমাৰ মেধিয়ে বিজেপি দলক ক্ষুৰধাৰ সমালোচনা কৰে। নেতাগৰাকীয়ে লগতে কয় যে  বিজেপি দলে আত্মবিশ্বাস হেৰুৱাইছে।

সমাৱেশত কমল কুমাৰ মেধিয়ে বিজেপি দলক ক্ষুৰধাৰ সমালোচনা কৰে। নেতাগৰাকীয়ে লগতে কয় যে  বিজেপি দলে আত্মবিশ্বাস হেৰুৱাইছে।

  • Share this:
আগন্তক বিধানসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে, সিমানেই তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ মাজত। গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিত ক্ৰমাৎ গৰম হৈ ৰাজনৈতিক বতাহ। জলেশ্বৰ সমষ্টিৰ গৌৰনগৰত আজি অনুষ্ঠিত হয় ৰাইজৰ দলৰ এক গণ সমাৱেশ। গণ সমাৱেশত অংশগ্ৰহণ কৰে ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক কমল কুমাৰ মেধিয়ে।

সমাৱেশত কমল কুমাৰ মেধিয়ে বিজেপি দলক ক্ষুৰধাৰ সমালোচনা কৰে। নেতাগৰাকীয়ে লগতে কয় যে  বিজেপি দলে আত্মবিশ্বাস হেৰুৱাইছে। আগন্তুক নিৰ্বাচনত বিজেপিৰ  মিছন ১০০ৰ পৰা শূন্য এটা কটা যাব। অখিল গগৈ অসমৰ মুখ্যমন্ত্ৰী হৈ জে’লৰ পৰা ওলাই আহিব।

নেতাগৰাকীয়ে জলেশ্বৰৰ পৰাই দিছপুৰ দখলৰ হুংকাৰ দি কয় যে কয় যে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ নেতৃত্বত এক আঞ্চলিক শক্তিয়ে আগন্তক নিৰ্বাচনত দিছপুৰ দখল কৰি চৰকাৰ গঠন কৰিব। ৰাইজৰ দলে চৰকাৰ গঠন কৰিলে  প্ৰথম প্ৰস্তাৱ হ’ব CAA বাতিলৰ দাবী। ইতিমধ্যে অসম জাতীয় পৰিষদৰ লগত আনুষ্ঠানিক মিত্ৰতা হৈছে আৰু কেইবাও আঞ্চলিক দল এই মিত্ৰতাত থাকিব বুলি ঘোষণা কৰে কমল কুমাৰ মেধিয়ে। কমল কুমাৰ মেধিয়ে লগতে কয় যে আমাৰ চৰকাৰ আহিলে দুই বছৰৰ ভিতৰত প্ৰকৃত কষকক ভূমি পট্টা দিব।
Published by: Sanjay Kumar Das
First published: February 26, 2021, 8:01 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি