২০২১ত একেলগে ৰাইজৰ কাষ চাপিব নেকি লুৰিণ আৰু অখিল? দলীয় পতাকা মুকলি কৰি কি ইংগিত দিলে ৰাইজৰ দলে?

News18 Assam | News18-Assam
Updated:December 20, 2020, 6:28 PM IST
২০২১ত একেলগে ৰাইজৰ কাষ চাপিব নেকি লুৰিণ আৰু অখিল? দলীয় পতাকা মুকলি কৰি কি ইংগিত দিলে ৰাইজৰ দলে?
Source-Google

সাংগঠনিক ভেটি শক্তিশালী হ'লেও ১২৬টা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ নকৰে ৰাইজৰ দলে।

  • Share this:
ঐক্যবদ্ধ, আপোচবিহীন, প্ৰগতিশীল, জাতীয়তাবাদীৰ শ্লোগানেৰে জন্ম লাভ কৰা নতুন আঞ্চলিক ৰাজনৈতিক দল ‘ৰাইজৰ দল’ৰ পতাকা আনুষ্ঠানিক ভাবে মুকলি কৰা হয়। পতাকা উন্মোচন কৰে দল উপদেষ্টা জাহ্নু বৰুৱা আৰু ডঃ ঘনশ্যাম নাথে ৷ পতাকাৰ বৰণ- হালধীয়া ৷ হালধীয়া পতাকাত নীলা ৰঙেৰে লিখা থাকিব দলৰ নাম ৷ হালধীয়া বেলিৰ ৰং, সূৰ্যৰ ৰং ৷

‘পৰিপক্কতাৰ ৰং হালধীয়া ৷ পতাকাৰ মাজত সম্বলিত হ'ব দলৰ প্ৰতীক ৷ লগতে একেদিনাই উদ্বোধন কৰা হয় দলৰ মুখ্য কাৰ্যালয় ৷ আয়তীৰ উৰুলিৰে উদ্বোধন কৰা হয় মুখ্য কাৰ্যালয় ৷ মহানগৰীৰ মঠঘৰীয়াত স্থাপন কৰা হৈছে কাৰ্যালয়টো।

অনুষ্ঠানত দলৰ পতাকা আৰু কাৰ্যলয় মুকলি কৰি মুখ্য আহ্বায়ক ভাস্ক' ডি শইকীয়াই কয় ‘ৰাজ্যৰ ১২৬ সমষ্টিত শক্তিশালী কৰা হ'ব সাংগঠনিক ভেটি ৷’

সাংগঠনিক ভেটি শক্তিশালী হ'লেও ১২৬টা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ নকৰে ৰাইজৰ দলে। শীঘ্ৰে অসম জাতীয় পৰিষদৰ সৈতে দলটোৱে কৰিব প্ৰাক নিৰ্বাচনী মিত্ৰতা। ইফালে আজিৰ অনুষ্ঠানতে ৰাইজৰ দলৰ প্ৰথমখন ৰাজনৈতিক অভিৱৰ্তনৰ দিনো ধাৰ্য কৰা হয়। অহা ২০২১ৰ ৭,৮ আৰু ৯ জানুৱাৰীত মৰাণত অনুষ্ঠিত হ’ব দলটোৰ প্ৰথমখন অভিৱৰ্তন।
Published by: Himangshu Bhuyan
First published: December 20, 2020, 6:28 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading