'সাহস আছে যদি অখিল গগৈক মুকলি কৰি নিৰ্বাচন খেলক'- আজমলৰ দুৰ্গত কঁপনি তুলি ৰাইজৰ দলৰ বিশাল জনসভা

২১ৰ বিধানসভা নিৰ্বাচনত 'ভাৰত মাতা কি জয় 'আৰু 'জয় আই অসম'ৰ মাজত হ'ব যুঁজঃ ভাস্কো ডি শইকীয়া
২১ৰ বিধানসভা নিৰ্বাচনত 'ভাৰত মাতা কি জয় 'আৰু 'জয় আই অসম'ৰ মাজত হ'ব যুঁজঃ ভাস্কো ডি শইকীয়া
- News18 Assam
- Last Updated: January 21, 2021, 1:57 PM IST
২১ৰ বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ৰাজনৈতিক দল সমূহে ইতিমধ্যে কঁকালত টঙালি বান্ধিছে ৷ ৰাজ্যৰ আন আন প্ৰান্তৰ সমান্তৰালৈ হোজাই জিলাতো বিভিন্ন ৰাজনৈতিক দল সমূহে নিজৰ নিজৰ সাংগঠনিক ভেটি মজবুত কৰিবলৈ উঠি পৰি লাগিছে ৷
বৃহস্পতিবাৰে হোজাই জিলাৰ আজমলৰ দুৰ্গ ৰূপে পৰিচিত যমুনামুখ বিধানসভা সমষ্টিৰ প্ৰাণকেন্দ্ৰ ডবকাত দহ সহস্ৰাধিক লোকৰ উপস্থিত ৰাইজৰ দলে নিৰ্বাচনী ৰণশিঙা বজায় ৷ ডবকা-ডিফু সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদিকা দিলোৱাৰা বেগন চৌধুৰীৰ সভাপতিত্ৱত ৰাইজৰ দলৰ এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷ সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো দি শইকীয়া। লগতে উপস্থিত থাকে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰুবুল দাস, সম্পাদিকা দিলোৱাৰা বেগম চৌধুৰী, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰাকে প্ৰমুখ্য কৰি অন্যান্য নেতৃবৃন্দ ৷
লগতে নেতাগৰাকীয়ে কয় যে, ২০২১ৰ বিধানসভা নিৰ্বাচনত ভাৰত মাতা কি জয় আৰু জয় আই অসমৰ মাজতহে যুঁজ হ'ব ৷ লগতে ভাস্কো শইকীয়াই স্পষ্ট কৰি দিয়ে যে, ভাৰত মাতা কি জয় কোৱাত তেওঁলোকৰ কোনো আপত্তি নাথাকিলহেতেন যদিহে বিজেপি চৰকাৰে নিস্বাৰ্থ ভাবে অসমৰ সেৱা কৰিলেহেতেন।