মুখ্যপৃষ্ঠা » খবৰ

» অসম

»সংখ্যালঘু এলেকাত ক্ৰমাৎ শক্তিশালী হৈছে ৰাইজৰ দলৰ ভেঁটি

সংখ্যালঘু এলেকাত ক্ৰমাৎ শক্তিশালী হৈছে ৰাইজৰ দলৰ ভেঁটি

News18 Assam | News18-Assam
Updated:January 15, 2021, 6:30 PM IST
সংখ্যালঘু এলেকাত ক্ৰমাৎ শক্তিশালী হৈছে ৰাইজৰ দলৰ ভেঁটি
কৃষক নেতা অখিল গগৈৰ নেতৃত্বত জন্মলাভ কৰা নতুন আঞ্চলিকাবাদী দল ৰাইজৰ দলে কঁপনি তুলিছে AIUDF আৰু কংগ্ৰেছৰ ভেঁটিত।

কৃষক নেতা অখিল গগৈৰ নেতৃত্বত জন্মলাভ কৰা নতুন আঞ্চলিকাবাদী দল ৰাইজৰ দলে কঁপনি তুলিছে AIUDF আৰু কংগ্ৰেছৰ ভেঁটিত।

  • Share this:
কৃষক নেতা অখিল গগৈৰ নেতৃত্বত জন্মলাভ কৰা নতুন আঞ্চলিকাবাদী দল ৰাইজৰ দলে কঁপাই তুলিছে AIUDF আৰু কংগ্ৰেছৰ ভেঁটিত। কাৰণ পূৰ্বতে কংগ্ৰেছ বিৰোধী সংখ্যলঘুৱে AIUDFক প্ৰথম পছন্দ হিচাপে গ্ৰহণ কৰিছিল যদিও এতিয়া কংগ্ৰেছৰ সৈতে AIUDFৰ মিত্ৰতা প্ৰায় নিশ্চিত হোৱাৰ লগে লগে কংগ্ৰেছ বিৰোধী শক্তিয়ে ৰাইজৰ দলকে প্ৰথম পছন্দ হিচাপে গ্ৰহণ কৰিছে। ইপিনে বিজেপিৰ সৈতে  থকা অগপৰ মিত্ৰতাৰ বাবেও বহু সংখ্যালঘু অগপই দলত্যাগ কৰি ৰাইজৰ দলত যোগদান কৰাৰ সম্ভাৱনাই দেখা দিছে।

বিশেষকৈ বিগত সময়ছোৱাত সংখ্যালঘু জনসাধাৰণৰ মাজত অখিল গগৈৰ জনপ্ৰিয়তা বহু পৰিমাণে বৃদ্ধি পাইছে। কাজিৰঙাৰ উচ্ছেদৰ সময়ত কৃষক নেতা অখিল গগৈয়ে কাজিৰঙাৰ সংখ্যালঘু ৰাইজৰ পক্ষত থিয় হৈ ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছিল। সেই সময়ৰ পৰাই অখিল গগৈৰ জনপ্ৰিয়তা সংখ্যালঘু ৰাইজৰ মাজত দুগুণে বৃদ্ধি পায়।

বিশেষকৈ নগাঁও, মৰিগাওঁ আৰু হোজাই জিলাৰ সংখ্যালঘু জনবসতিপ্ৰধান অঞ্চলত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ভেটি যথেষ্ট পৰিমাণে বৃদ্ধি পোৱা পৰিলক্ষিত হয়।

নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনতো অখিল গগৈৰ বলিষ্ঠ ভূমিকাৰ প্ৰতি কা বিৰোধী অসমীয়া ৰাইজৰ লগতে আকৰ্ষিত হয় সংখ্যালঘু জনসাধাৰণ। সেয়ে এতিয়া ৰাইজৰ দলৰ প্ৰতি আকৰ্ষিত হৈছে সংখ্যালঘু জনসাধাৰণ। ৰাইজৰ দলৰ এই উত্থানে সংখ্যালঘু অধ্যূষিত সমষ্টিসমূহত শংকিত কৰিছে কংগ্ৰেছ আৰু এআইইউডিএফক। অৱশ্যে সংখ্যালঘু জনতাৰ এই সমৰ্থনক বেলটৰ বাকচত ধৰি ৰখাৰ ক্ষেত্ৰত ৰাইজৰ দলৰ নেতৃত্ব কিমানদূৰ সফল হয় সেয়া নিৰ্বাচনী ফলাফলতহে পোহৰলৈ আহিব।
Published by: Himangshu Bhuyan
First published: January 15, 2021, 6:30 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি