মুখ্যপৃষ্ঠা » খবৰ

» অসম

»উপ–নিৰ্বাচনত ৰাইজৰ দলে আমানতৰ ধন হেৰুৱাবঃ মৰিয়নিত পীয়ূষ হাজৰিকাৰ মন্তব্য

উপ–নিৰ্বাচনত ৰাইজৰ দলে আমানতৰ ধন হেৰুৱাবঃ মৰিয়নিত পীয়ূষ হাজৰিকাৰ মন্তব্য

News18 Assam | News18-Assam
Updated:August 24, 2021, 8:41 PM IST
উপ–নিৰ্বাচনত ৰাইজৰ দলে আমানতৰ ধন হেৰুৱাবঃ মৰিয়নিত পীয়ূষ হাজৰিকাৰ মন্তব্য
মৰিয়নি সমষ্টিটোলৈ নিতৌ আগমন ঘটিছে শাসকীয় দলৰ মন্ত্ৰী-বিধায়কৰ।

মৰিয়নি সমষ্টিটোলৈ নিতৌ আগমন ঘটিছে শাসকীয় দলৰ মন্ত্ৰী-বিধায়কৰ।

  • Share this:

কোৰোণা মহামাৰীৰ সমানে সমানে ৰাজ্যত এতিয়া উপ–নিৰ্বাচনৰ জোৱাৰ উঠিছে।মৰিয়নি বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনক লৈ বিজেপিয়ে ব্যাপক ৰাজনৈতিক তৎপৰতা আৰম্ভ কৰিছে। উপ–নিৰ্বাচনত সাধাৰণতে শাসকীয় দলৰ সম্ভাৱনাই বেছি উজ্জ্বল যদিও মৰিয়নিৰ ক্ষেত্ৰত নিশ্চিন্ত হ'ব পৰা নাই বিজেপি।


বিগত তিনিটা নিৰ্বাচনত ক্ৰমাগতভাৱে কংগ্ৰেছ দলে জয়লাভ কৰি অহাৰ দুশ্চিন্তাই বিজেপিৰ মসৃণ পথত কাঁইট হৈ বহি থকাৰ পাছত সমষ্টিটোলৈ নিতৌ আগমন ঘটিছে শাসকীয় দলৰ মন্ত্ৰী-বিধায়কৰ। অনুষ্ঠিত হৈছে ইখনৰ পিছত সিখন বিজেপিৰ ৰাজনৈতিক ৰাজহুৱা সভা।


কালি সমষ্টিটোত কেন্দ্ৰীয় সৰ্বানন্দ সোণোৱালে  জন আশীৰ্বাদ যাত্ৰাৰ কাৰ্যসূচী ৰূপায়ণ কৰি নিৰ্বাচনী ৰণডংকা বজোৱাৰ পিছদিনাই সমষ্টিটোত উপস্থিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী পীয়ূষ হাজৰিকা। মৰিয়নি নকছাৰীৰ গোহাঁইবাৰী নাট্য মন্দিৰত আয়োজিত বিজেপিৰ এখন দলীয় সভাত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে সমাগত উপ–নিৰ্বাচনত মৰিয়নি সমষ্টিৰ পৰা ৰূপজ্যোতি কুৰ্মীক পুনৰ বিজয়ী কৰি পঠিয়াবলৈ আহ্বান জনায়।



নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশত  জনহিতকৰ কাম হোৱাৰ বাবে সমগ্ৰ দেশতে বিজেপিৰ পতাকা উৰিছে বুলি উল্লেখ কৰি অসমতো হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনক শক্তিশালী কৰিবলৈ আহ্বান জনায়। ৰাজ্যখনৰ অনান্য সমষ্টিসমূহৰ সমানে সমানে মৰিয়নি সমষ্টিৰ ৰাইজকো সম উন্নয়ন আৰু সমবিকাশৰ অংশীদাৰ হ'বলৈ আহ্বান জনাই সমাগত উপ–নিৰ্বাচনত দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ সপক্ষে ভোটদান কৰিবলৈ আহ্বান জনায়।


মন্ত্ৰীগৰাকীয়ে দিনৰ ২ বজাত বিজেপি দলে আয়োজন কৰা সদ্য প্ৰয়াত ভাষিক সংখ্যালঘু ব'ৰ্ডৰ অধ্যক্ষ অলক ঘোষৰ অস্থি বিৰ্সজন কাৰ্যসূচীতো অংশগ্ৰহণ কৰে। সাংবাদিকৰে হোৱা বাৰ্তালাপত মন্ত্ৰীগৰাকীয়ে সমাগত উপ–নিৰ্বাচনত অখিল গগৈৰ ৰাইজৰ দলকে ধৰি সকলো নতুন ৰাজনৈতিক দলৰে আমানতৰ ধন বাজেয়াপ্ত হ'ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।


তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা বিজেপিত যোগদান কৰাৰ সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় ভাস্কৰজ্যোতি বৰুৱা যেতিয়া অসম বিধান সভা অথবা কংগ্ৰেছ দলৰ বিধায়নী দলৰ বৈঠকত বহে, তেতিয়া তেওঁৰ উশাহ বন্ধ হৈ যোৱাৰ পৰিৱেশৰ মুখামুখি হয় আৰু কিয় হয় সেয়া বিধায়কগৰাকীক সুধিলেই গম পাব বুলিও কটাক্ষ কৰে।

Published by: Gautam Barman
First published: August 24, 2021, 8:41 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি