শনিবাৰে মন্ত্ৰী পীযূষ হাজৰিকাই এনেদৰে আক্ৰমণ কৰাৰ পিছত দেওবাৰে মন্ত্ৰী পীযূষ হাজৰিকাক উভতি ধৰিলে অখিল গগৈয়ে৷
শনিবাৰে মন্ত্ৰী পীযূষ হাজৰিকাই এনেদৰে আক্ৰমণ কৰাৰ পিছত দেওবাৰে মন্ত্ৰী পীযূষ হাজৰিকাক উভতি ধৰিলে অখিল গগৈয়ে৷
নিৰ্বাচনকেন্দ্ৰিক মুখ চুপতি আৰম্ভ হৈছে৷ থাওৰাত অখিলক টাৰ্গেট কৰি ল'লে মন্ত্ৰী পীযূষ হাজৰিকাই৷ কংগ্ৰেছ এৰি BJPত যোগ দিয়া সুশান্ত বৰগোহাঁইৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই শনিবাৰে থাওৰাত মন্ত্ৰী পীযূষ হাজৰিকাই ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ বিৰুদ্ধে সৰৱ হৈ উঠে৷ মন্ত্ৰী পীযূষ হাজৰিকাই ক'লে- “২০২৬ৰ নিৰ্বাচনত শিৱসাগৰ নহয়, টীয়কৰ পৰা নিৰ্বাচন খেলিব অখিল গগৈয়ে৷ শিৱসাগৰৰ ৰাইজে ভোট আৰু নিদিয়ে বুলি বুজি উঠিলে অখিলে৷”
শিৱসাগৰ এৰি টীয়কলৈ গ'লেও লাভ নহ'ব হেনো অখিল গগৈৰ৷ মন্ত্ৰী পীযূষ হাজৰিকাই সাংবাদিকৰ সন্মুখত ক'লে- “২০২৬ত বিধানসভালৈ জিকি যাব নোৱাৰে অখিল৷ মই পীযূষ হাজৰিকাই কৈছোঁ, লিখি ৰাখক৷”
শনিবাৰে মন্ত্ৰী পীযূষ হাজৰিকাই এনেদৰে আক্ৰমণ কৰাৰ পিছত দেওবাৰে মন্ত্ৰী পীযূষ হাজৰিকাক উভতি ধৰিলে অখিল গগৈয়ে৷ অখিল গগৈয়ে ক'লে- “মন্ত্ৰী পীযূষ হাজৰিকাৰ মতিভ্ৰম হৈছে৷ ৰাইজৰ দলৰ উত্থানত শংকিত হৈ আবোল-তাবোল বকিছে মন্ত্ৰী পীযূষ হাজৰিকাই৷” পিছে কোন জিকে ক'ত? সেয়া ভোটাৰ ৰাইজেহে ঠিক কৰিব অহা ৩০ অক্টোবৰত৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|