ধৈৰ্য় কোঁৱৰৰ মনোনয়ন দাখিল
বৃহস্পতিবাৰে থাওৰা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে দুজনৰ মনোনয়ন পত্ৰ দাখিল। শুকুৰবাৰে সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোঁহাই, কংগ্ৰেছৰ সঞ্জীৱ কোঁৱৰে দাখিল কৰিব মনোনয়ন পত্ৰ ।
শিৱসাগৰ জিলাৰ ১০৭ নং থাওৰা (Thowra) বিধান সভা সমষ্টিৰ উপ-নিৰ্বাচন (By Election)ত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে বৃহস্পতিবাৰে দুগৰাকী প্ৰাৰ্থীয়ে দাখিল কৰে মনোনয়ন পত্ৰ। ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰ (Dhaijya Konwar) আৰু চি পি আই (CPI)ৰ প্ৰাৰ্থী কৃষ্ণ গগৈয়ে মনোনয়ন পত্ৰ দাখিল কৰে সহকাৰী ৰিটাৰৰ্নিং অফিচাৰৰ হাতত।
ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰে দুই শতাধিক সমৰ্থকক লগত লৈ শিৱসাগৰ ষ্টেচন চাৰিআলিৰ পৰা বৰপুখুৰী হৈ পদযাত্ৰা কৰি দাখিল কৰে মনোনয়ন পত্ৰ। ধৈৰ্য কোঁৱৰক সংগ দিয়ে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে।মনোনয়ন দাখিলৰ প্ৰাকক্ষণত ঐতিহাসিক শিৱদৌল আৰু দেৱী দৌলত বন্তি প্ৰজ্বলন কৰে ধৈৰ্য কোঁৱৰে ।
মনোনয়ন পত্ৰ দাখিল কৰি ধৈৰ্য কোঁৱৰে অহা "৩০ অক্টোবৰত বিশ্বাসঘাটকতাৰ বিৰুদ্ধে যুঁজ হ'ব" বুলি মন্তব্য কৰে । ধৈৰ্য কোঁৱৰে কয় " অসম বিধানসভাত মই জনগণৰ কণ্ঠ হ'ব খোজোঁ। নিপীড়িত মানুহৰ কণ্ঠ হ'ব বিচাৰোঁ। বিজেপিয়ে অসম বিধানসভাত জনগণ বিৰোধী নীতি প্ৰস্তুত কৰিছে । ইয়াৰ বিৰুদ্ধে মই সবল কণ্ঠ হ'ব খোজোঁ।"
নিৰ্বাচনত মূল প্ৰতিদ্বন্দ্বী কোন হ'ব পাৰে বুলি সোধা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় "বিজেপি, কংগ্ৰেছ বুলি প্ৰতিদ্বন্দ্বী কোনো নাই । এয়া প্ৰতাৰণাৰ বিৰুদ্ধে যুঁজ।"
ইপিনে ধৈৰ্য কোঁৱৰৰ সংগী হৈ যোৱা ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ (Akhil Gogoi)য়ে অহা উপ নিৰ্বাচনত ধৈৰ্য কোঁৱৰ জয়ী হোৱাটো নিশ্চিত বুলি দাবী কৰে। অখিল গগৈয়ে কয় যে "বিজেপিৰ বিৰুদ্ধে ৰাইজ একত্ৰিত হৈছে । এয়া বিশ্বাসঘাটকতাৰ বিৰুদ্ধে যুঁজ। নিশ্চিতভাৱে থাওৰাবাসীয়ে বিশ্বাসযোগ্য জনৰ পক্ষত থিয় দিব।"
আনহাতে শুকুৰবাৰে সমষ্টিটোৰ বিজেপি (BJP) প্ৰাৰ্থী সুশান্ত বৰগোঁহাই (Sushant Borgohain), কংগ্ৰেছৰ সঞ্জীৱ কোঁৱৰে দাখিল কৰিব মনোনয়ন পত্ৰ ।
উল্লেখযোগ্য যে থাওৰা সমষ্টিৰ ১ লাখ ১৪হাজাৰ ২২১ গৰাকী ভোটাৰে অহা ৩০ অক্টোবৰত নিৰ্ণয় কৰিব প্ৰাৰ্থীৰ ভাগ্য।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|