''শিক্ষাৰ মাধ্যমক লৈ ৰাজ্য চৰকাৰৰ সিদ্ধান্ত অবৈজ্ঞানিক, অযুক্তিকৰ। গুণগত শিক্ষাৰ মান দিব নোৱৰা চৰকাৰৰ মাধ্যমক দোষাৰোপ।'' - মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৷
গগৈয়ে কয় যে ৰাজ্যৰ চৰকাৰী বিদ্যালয়ত আন্তগাঁথনি, শিক্ষক, শিক্ষক প্ৰশিক্ষণকে ধৰি এশ এবুৰি সমস্যা ৷ দীৰ্ঘদীনে শিক্ষা বিভাগৰ মন্ত্ৰী এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী, তাৰ পিছতো ৰাজ্যত গুণগত শিক্ষা প্ৰদানৰ বাবে আৰম্ভ নহ'ল বিপ্লৱ ৷ বিপৰীতে শাল এৰি শিয়াল খেদা কামত চৰকাৰ নিযোজিত বুলি অভিযোগ কৰে গগৈয়ে।
মুখ্যমন্ত্ৰী শৰ্মাক অখিল গগৈয়ে প্ৰত্যাহ্বান জনাই কয় ৰাজ্যৰ কোন কোন ইংৰাজী মাধ্যমত শিক্ষা লাভ কৰা প্ৰাৰ্থীয়ে প্ৰশাসনিক সেৱাৰ চাকৰি পাইছে? বিপৰীতে অসমীয়া মাধ্যমত শিক্ষা লাভ কৰি চাকৰি পোৱাৰ তালিকা তেওঁৰ হাতত আছে ৷
অখিল গগৈৰ মতে, তেওঁ ইংৰাজী ভাষাৰ বিৰোধী নহয় ৷ মাতৃভাষাত পাঠদান কৰাৰ সময়ত মাতৃভাষাৰ লগতে ইংৰাজীত দিয়ক বিজ্ঞান আৰু গণিতৰ সূত্ৰ বা শব্দ ৷ কিন্তু মাধ্যম কেতিয়াও ইংৰাজী হ'ব নোৱাৰে ৷
নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ পৰিপন্থী এনে সিদ্ধান্তৰ বিৰোধিতা কৰি ৰাইজৰ দলে প্ৰতিবাদৰ কাৰ্যসূচী ঘোষণা কৰে। প্ৰথমে চৰকাৰী কেবিনেটত সিদ্ধান্ত বাতিলৰ দাবীত মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ দাবীসম্বলিত এক আবেদন পত্ৰ প্ৰদানৰ উপৰি বুধবাৰে ৰাইজৰ দলৰ সভাপতিয়ে এঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰে। ইয়াৰ লগতে ৪ আগষ্টত গুৱাহাটী আৰু ডিব্ৰুগড়ত মানৱ শৃংখল কাৰ্যসূচী ঘোষণা ৰাইজৰ দলৰ ৷ তেওঁ লগতে দল-সংগঠনৰ লগত এক জাতীয় অভিৱৰ্তন অনুষ্ঠিত কৰাৰ লগতে বিধান সভাত দুদিন মুকলি বিতৰ্ক কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ দাবী জনায়।