কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি হাইলাকান্দিত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। চাৰি দফীয়া দাবীক লৈ কৰা প্ৰতিবাদী মিছিলত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সৈতে চামিল হয় ৰাইজৰ দলো। মঙলবাৰে ৰাতিপুৱা ১১ বজাৰ পৰা হাইলাকান্দি চহৰৰ পুৰাতন হাস্পতাল চাৰি আলিৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ দলৰ কৰ্মকৰ্তাসকলে প্ৰতিবাদী সমদল উলিয়ায়।
হাইলাকান্দি জিলাত দীৰ্ঘদিনৰ পৰা জিলা প্ৰশাসনে বন্ধ কৰি থৈছে জমি ক্ৰয়–বিক্ৰয়ৰ বাবে দিয়া NOC বা অনুজ্ঞাপত্ৰ। এই অনুজ্ঞাপত্ৰ বা NOC প্ৰদানৰ ব্যৱস্থা অতি সোনকালে পুনৰাম্ভ কৰাৰ লগতে ২০১৮ চনৰ প্ৰলয়ঙ্কৰী বন্যাই ক্ষতিগ্ৰস্ত কৰা লোকক সাহায্য প্ৰদান কৰা, জবকাৰ্ড হিতাধিকাৰীক তেওঁলোকৰ প্ৰাপ্য ধন প্ৰদান কৰা আৰু কৃষি ভাত্তাৰ অৰ্থ অতি সোনকালে প্ৰদান কৰাৰ দাবী কৰে দুই দলৰ কৰ্মকৰ্তাসকলে ।
ইপিনে, এই সমদলেৰে চহৰখনৰ পুৰাতন হাস্পতাল চাৰিআলিৰ পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ যোৱাৰ পৰিকল্পনা আছিল যদিও আৰক্ষীৰ বাধাত পুৰাতন হাস্পতাল চাৰিআলিত মিছিল বন্ধ কৰিব লগা হয় কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ দলৰ কৰ্মকৰ্তাসকলে। এই কথাক লৈও ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে হাইলাকান্দি জিলা প্ৰশাসনৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। অহা এসপ্তাহৰ ভিতৰত যদি এই দাবীসমূহ পূৰণ নহয়, তেনেহ'লে ইয়াতকৈ বৃহৎ আন্দোলনৰ হুংকাৰ দিয়ে ৰাইজৰ দলৰ হাইলাকান্দি জিলা সভাপতি জহিৰ উদ্দিন লস্কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|