ভুৱা 'ভাৰতীয়গিৰি'ৰ বিপৰীতে প্ৰকৃত 'অসমীয়াগিৰি' কৰক বুলি কয় ৰাইজৰ দল (Raijor Dal)ৰ নেতৃত্বই। 'ভাৰতীয়গিৰি'ৰে বিজেপিয়ে অসমক ইতিমধ্যে শেষ কৰি পেলালে বুলি অভিযোগ তোলে অখিল গগৈ (Akhil Gogoi) নেতৃত্বাধীন ৰাইজৰ দলে।
সোমবাৰে সংবাদ মেল অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা (Chief Minister Dr Himanta Biswa Sharma)ক সমালোচনা কৰে ৰাইজৰ দলে। ৰাইজৰ দলৰ হৈ সোমবাৰে সংবাদ মেল দিছিল দলটোৰ উপ-সভাপতি ৰাছেল হুছেইনে।
শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে অসমৰ যুৱ চামক 'অসমীয়াগিৰি'ৰ পৰিৱৰ্তে 'ভাৰতীয়গিৰি' কৰিবলৈ আহ্বান জনাইছিল। ইফালে যোৱা কেইদিনমানত বৰাক উপত্যকাত প্ৰদীপ দত্ত ৰয় নামৰ ব্যক্তিগৰাকীয়ে প্ৰদান কৰা বক্তব্য আৰু অসমীয়া ভাষাৰ হৰ্ডিং ফালি পেলোৱা ঘটনাৰ পিছত অসম চৰকাৰে প্ৰদীপ দত্ত ৰয়ক গ্ৰেপ্তাৰ কৰা কাৰ্যক ৰাইজৰ দলে আদৰণি জনাইছে।
কিন্তু একে সময়তে ৰাইজৰ দলে অভিযোগ কৰে যে প্ৰদীপ দত্ত ৰয় নামৰ বিতৰ্কিত ব্যক্তিগৰাকীয়ে চৰকাৰী পৃষ্ঠপোষকতাত এই ঘৃণনীয় কাম সংঘটিত কৰিছে। ইমানদিনে হিন্দু-মুছলমানৰ নামত ৰাজনীতি কৰা বিজেপিয়ে এইবাৰ অসমীয়াভাষী আৰু বঙালীভাষীৰ মাজত সংঘাত লগাবলৈ চেষ্টা কৰিছে বুলি কয় ৰাইজৰ দলৰ উপ-সভাপতি ৰাছেল হুছেইনে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|