হঠাতে হাইলাকান্দি বিজেপি কাৰ্যালয় (hailakandi bjp office)ত প্ৰাক্তন কংগ্ৰেছী বিধায়ক ৰাহুল ৰয় (Rahul Roy) । কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ দীৰ্ঘ ২ বছৰ পিছত অতৰ্কিত বিজেপি কাৰ্যালয়ত সোমাল ৰাহুল ৰয়। প্ৰাক্তন মন্ত্ৰী গৌতম ৰয় (Gautam Roy)ৰ পুত্ৰ তথা আলগাপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰাহুল ৰয়ৰ বিজেপি কাৰ্যালয়ত উপস্থিত হোৱাৰ ঘটনাই হাইলাকান্দিত চাঞ্চল্যৰ সৃষ্টি কৰিছে। এইগৰাকী প্ৰাক্তন কংগ্ৰেছী বিধায়কে বিজেপিত যোগদান কৰিছে বুলি সৰ্বত্ৰ চৰ্চা আৰম্ভ হৈছে।
কিন্তু এতিয়ালৈ বিজেপি (BJP)ত যোগদান কৰা নাই বুলি সংবাদ মাধ্যমৰ আগত জনাই দিলে ৰাহুল ৰয়ে । অবশ্যে বিজেপিৰ অদৰ্শত অনুপ্ৰাণীত হৈ তেওঁ নিজৰ গৃহ ৱাৰ্ড অৰ্থাৎ হাইলাকান্দি (Hailakandi) চহৰৰ ৯ নম্বৰ ৱাৰ্ডত বিজপি প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব বুলিও জনায় ৰাহুল ৰয়ে ।
পিছে বিজেপি কাৰ্যালয়লৈ কিও গৈছিল? সাংবাদিকে সোধা এই প্ৰশ্নত ৰাহুল ৰয়ে উত্তৰত কয় যে তেওঁৰ এগৰাকী বন্ধুৱে আজি বিজেপিত যোগদান কৰিছে আৰু এই প্ৰাক্তন পৌৰ কমিচনাৰ বন্ধুৰ লগতহে তেওঁ বিজেপি কাৰ্যালয়ত উপস্থিত হৈছে। লক্ষণীয়ভাৱে বিজেপি কাৰ্যালয়লৈ যোৱা ৰাহুল ৰয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো ভূয়সী প্ৰশংসা কৰে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|