২৬ নৱেম্বৰ নহয়, কাইলৈ গুৱাহাটীলৈ আহিব ৰাহুল গান্ধী, তৰুণ গগৈক জনাব শেষ শ্ৰদ্ধা

News18 Assam | News18-Assam
Updated:November 24, 2020, 6:35 PM IST
২৬ নৱেম্বৰ নহয়, কাইলৈ গুৱাহাটীলৈ আহিব ৰাহুল গান্ধী, তৰুণ গগৈক জনাব শেষ শ্ৰদ্ধা
পুৱা ৯.৩০ বজাত বিমানবন্দৰত উপস্থিত হ’ব কংগ্ৰেছ নেতাগৰাকী।

পুৱা ৯.৩০ বজাত বিমানবন্দৰত উপস্থিত হ’ব কংগ্ৰেছ নেতাগৰাকী।

  • Share this:
কাইলৈ অৰ্থাৎ বুধবাৰে গুৱাহাটীলৈ আহিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক শেষ শ্ৰদ্ধা জনাবলৈ আহিব ৰাহুল গান্ধী। পুৱা ৯.৩০ বজাত বিমানবন্দৰত উপস্থিত হ’ব কংগ্ৰেছ নেতাগৰাকী। কলাক্ষেত্ৰত তৰুণ গগৈৰ নশ্বৰ দেহত শ্ৰদ্ধা জনাই কাইলৈয়ে উভতি যাব ৰাহুল গান্ধী৷ উভতি যাব এঘাৰ বজাৰ বিশেষ বিমানেৰে।

আজি ৰাজীৱ ভৱনৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ লৈ যোৱা হয় তৰুণ গগৈৰ নশ্বৰ দেহ। কলাক্ষেত্ৰত ২৬ নৱেম্বৰলৈ অন্তিম শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে ৰখা হ’ব গগৈৰ ন‍শ্বৰ দেহ। সাধাৰণ লোকেও সকলোৰে প্ৰিয় ৰাজনীতিকগৰাকীক জনাব পাৰিব অন্তিম শ্ৰদ্ধা।

আজি পুৱা জি এম চি এইচৰ পৰা নশ্বৰ দেহ অনা হয় চৰকাৰী বাসভৱনলৈ। তাৰ পিছত জনতা ভৱন আৰু ৰাজীৱ ভৱনলৈ নিয়া হয় নশ্বৰ দেহ। ৰাজীৱ ভৱনত দলীয় নেতা–কৰ্মীসকলে শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত বিয়লি গগৈৰ নশ্বৰ দেহ নিয়া হয় কলাক্ষেত্ৰলৈ।
Published by: Sanjay Kumar Das
First published: November 24, 2020, 6:22 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading