দুদিনীয়া কাৰ্যসূচীৰে নগাঁৱলৈ অহা কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজুৱে মঙলবাৰে নগাঁৱৰ ঘাহীত অনুষ্ঠিত হোৱা এক দলীয় সভাত অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় মন্ত্ৰীজনে মঙলবাৰে নগাঁও জিলাৰ ঘাহী গাঁঁও পঞ্চায়তত অনুষ্ঠিত দলীয় সভাত নতুন ভোটাৰৰ লগত মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে।
সভাৰ অন্তত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সাংবাদিকক প্ৰশংসা কৰি কয়– 'অসমৰ মিডিয়াই ভাল ভাল কাম কৰে। অসমৰ মিডিয়া বহুত স্মাৰ্ট হয়। অসমৰ মিডিয়া বহুত দায়িত্বশীলো। অসমৰ মিডিয়া বহুত ভাইব্ৰেণ্ট হয়।'
কংগ্ৰেছ দল তথা কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীক সমালোচনা কৰি তেওঁ কয়- 'ৰাহুল গান্ধীৰ ভাৰত জোৰো যাত্ৰা অৰ্থহীন। ৰাহুল গান্ধীয়ে ভাৰতক ভাগ ভাগ কৰি জাতি–জনগোষ্ঠীৰ মাজত বিভেদ আনিছে। পাকিস্তান আৰু সন্ত্ৰাসবাদীৰ ভাষাৰে কথা কয় কংগ্ৰেছে ।'
জল, চাউল, ৰাস্তা আদি দিলেই গৰিবী হটাও হ'ব বুলি মন্তব্য কৰি কংগ্ৰেছে এইবোৰ নকৰে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। উল্লেখ্য যে কালি নগাঁৱত আহি উপস্থিত হোৱা কেন্দ্ৰীয় মন্ত্ৰীজনে নিৰ্মীয়মাণ মেডিকেল কলেজৰ নিৰ্মাণকাৰ্যৰ বুজ লোৱাৰ পিছত একতাৰ দৌৰতো অংশগ্ৰহণ কৰিছিল।
ঘাহীত অনুষ্ঠিত নতুন ভোটাৰৰ সভাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে ৰাজ্যৰ উপ–সভাপতি তথা লোকসভা প্ৰৱাস যোজনাৰ ৰাজ্যিক প্ৰভাৰী অশোক ভট্টৰায়, প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকা, নগাঁও লোকসভাৰ প্ৰভাৰী অৰ্জুন মজুমদাৰ, নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিৎ নাথ প্ৰমুখ্যে দলীয় কাৰ্যকতাসকল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|