২৬ নৱেম্বৰত তৰুণ গগৈক অন্তিম শ্ৰদ্ধা জনাবলৈ আহিব ৰাহুল গান্ধী

News18 Assam | News18-Assam
Updated:November 24, 2020, 12:38 PM IST
২৬ নৱেম্বৰত তৰুণ গগৈক অন্তিম শ্ৰদ্ধা জনাবলৈ আহিব ৰাহুল গান্ধী
আজি জি এম চি এইচৰ পৰা তৰুণ গগৈৰ নশ্বৰ দেহ লৈ যোৱা হয় চৰকাৰী বাসগৃহলৈ।

আজি জি এম চি এইচৰ পৰা তৰুণ গগৈৰ নশ্বৰ দেহ লৈ যোৱা হয় চৰকাৰী বাসগৃহলৈ।

  • News18 Assam
  • Last Updated: November 24, 2020, 12:38 PM IST
  • Share this:
২৬ নৱেম্বৰত অসমলৈ আহিব ৰাহুল গান্ধী। প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক অন্তিম শ্ৰদ্ধা জনাবলৈ আহিব ৰাহুল গান্ধী। গগৈৰ নশ্বৰ দেহত শ্ৰদ্ধা জনাবলৈ আহিব কে চি বেণুগোপাল আৰু জিতেন্দ্ৰ সিঙো।

উল্লেখযোগ্য যে আজি জি এম চি এইচৰ পৰা তৰুণ গগৈৰ নশ্বৰ দেহ লৈ যোৱা হয় চৰকাৰী বাসগৃহলৈ। তাৰ পিছত জনতা ভৱনলৈ অনা হয় নশ্বৰ দেহ। জনতা ভৱনৰ পৰা নিয়া হ’ব ৰাজীৱ ভৱনলৈ। ৰাজীৱ ভৱনত শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত বিয়লি ৪ বজাত তেওঁৰ নশ্বৰ দেহ নিয়া হ’ব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ। কলাক্ষেত্ৰত সকলো লোকে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক জনাব পাৰিব শেষ শ্ৰদ্ধা। ২৬ নৱেম্বৰত ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰা হ’ব অন্তেষ্টিক্ৰিয়া।
Published by: Sanjay Kumar Das
First published: November 24, 2020, 12:38 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading