খানাপাৰাত অসম প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত আয়োজন কৰা জনসমাৱেশত ৰাহুল গান্ধীৰ ভাষণ
খানাপাৰাত অসম প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত আয়োজন কৰা জনসমাৱেশত ৰাহুল গান্ধীৰ ভাষণ
খানাপাৰাত অসম প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত আয়োজন কৰা জনসমাৱেশত ৰাহুল গান্ধীৰ ভাষণ। ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ সমালোচনা কৰে ৰাহুল গান্ধীয়ে।ৰাহুল গান্ধীয়ে কয় যে, দেশৰ সকলো সমস্যা একাষৰীয়া কৰি কেন্দ্ৰীয় চৰকাৰ এতিয়া দেশক ধৰ্মৰ নামত ভাগ ভাগ কৰাত ব্যস্ত।
ৰাহুল গান্ধীয়ে ভাষণ প্ৰসংগত কয় যে, ‘যেতিয়া নিৰ্বাচনৰ সময়ত মই নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিছিলো, তেতিয়া মই কৈছিলো যে, বিজেপি ক্ষমতালৈ আহিলে অসমৰ শান্তি, সম্প্ৰীতি বিনষ্ট হ’ল। আজি যেতিয়া এইবোৰ কথা ফলিয়াইছে,মই অত্যন্ত দুখ পাইছো।’
গান্ধীয়ে লগতে কয়, ‘অসমীয়াৰ একতা, অসমীয়াৰ বল। অসমৰ ভাষা, সংস্কৃতি আমি কেতিয়াও ব্যাঘাত জন্মিবলৈ নিদিও। সুখে দুখে মই অসমবাসীৰ কাষত থিয় হম। সংসদত নাগৰিকত্ব সংশোধনী বিধেয়কৰ আমি তীব্ৰ বিৰোধিতা কৰিছিলো, কিন্তু সংখ্যাৰ বলত তেওঁলোকে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে ক্ষতিকাৰক বিধেয়ক খন গৃহীত কৰি আইনলৈ ৰূপান্তৰিত কৰিলে।’
‘দেশৰ যলৈকে গৈছে, তাতে বিজেপিয়ে হিংসা বিয়পিয়াইছে। শান্তিৰে শিক্ষাৰ্থীয়ে প্ৰতিবাদ কৰিছে, কিন্তু গুলীয়াব লাগে কিয়? অসমীয়াৰ কথা বিজেপিয়ে নুশুনে। ৯ শতাংশ GDP গ্ৰুথ থকা ভাৰতৰ অৰ্থনীতি আজি বিজেপিয়ে ধ্বংস কৰি পেলালে। আগতে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বৰাক ওবামাই কৈছিল, বিশ্বত যদি আমাক প্ৰত্যাহ্বান জনাব পৰা শক্তি আছে, তেন্তে সেয়া ভাৰত আৰু চীন। কিন্তু এতিয়া দেশত সেই পৰিবেশ নাই। ’
‘প্ৰায় দুটা দশকত মোদী চৰকাৰৰ দিনত দেশত ভয়ানক নিবনুৱা সমস্যা। কিন্তু এইবোৰ সমাধানৰ পৰিৱৰ্তে কেন্দ্ৰীয় চৰকাৰ ব্যস্ত ধৰ্ম, সংস্কৃতিৰ নামত দেশক ভাগ ভাগ কৰাত।’
‘অসমতো ডাঙৰ ডাঙৰ সপোন দেখুৱাইছিল,মেক ইন ইণ্ডিয়া কি হ’ল? অসমত কিমান উদ্যোগ হ’ল?কিমানে চাকৰি পালে?’
এনেদৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে ৰাহুল গান্ধী।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|